সশস্ত্ৰ সংগ্ৰাম এৰি মূল সুঁতিলৈ! পত্নী-সন্তানক লগত লৈ আত্মসমৰ্পণ কেএলঅ’ৰ সাধাৰণ সম্পাদক কৈলাস কোচৰ

নিউজ ডেস্কঃ সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি পত্নী-সন্তানক লগত লৈ মূল সূঁতিলৈ ঘূৰি আহিল বিদ্ৰোহী সংগঠন কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ কেএলঅ’ৰ সাধাৰণ সম্পাদক কৈলাস কোচ। বৃহস্পতিবাৰে সন্তান আৰু পত্নীৰ সৈতে শ্চিমবংগ আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ ইউনিটৰ সন্মুখত অস্ত্ৰসহ আত্মসমৰ্পণ কৰে বিদ্ৰোহী নেতাগৰাকীয়ে।

উল্লেখ্য যে, ২০১৩ চনৰ জানুৱাৰী মাহত কেএলঅ’ৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছিল কৈলাস কোচে। আলফা (স্বা)কে ধৰি বহু বিদ্ৰোহী সংগঠনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা কৈলাস কোচৰ বিৰুদ্ধে অসমৰ লগতে পশ্চিম বংগতো ৰুজু হৈ আছে গোচৰ।

photo1660904258
সশস্ত্ৰ সংগ্ৰাম এৰি মূল সুঁতিলৈ! পত্নী-সন্তানক লগত লৈ আত্মসমৰ্পণ কেএলঅ’ৰ সাধাৰণ সম্পাদক কৈলাস কোচৰ 3

আৰক্ষীৰ এক সূত্ৰই সদৰী কৰা মতে, ২০০৮ চনৰ পৰা ২০১২ চনলৈকে পশ্চিমবংগৰ কোচবিহাৰ, মালদাৰ লগতে অসমত সংঘটিত কেইবাটাও হিংসাত্মক ঘটনা আৰু ধন দাবীৰ ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল কৈলাস কোচ।

অন্যহাতে তেওঁৰ পত্নী স্বপ্না কোচে ২০১১-২০১২ চনত ম্যানমাৰত সামৰিক-গেৰিলা প্ৰশিক্ষণ গ্ৰহণ কৰি যোগ দিছিল কেএলঅ’ত। ২০১৩ চনত ইম্ফলত আছাম ৰাইফলছে স্বপ্না কোচক আটক কৰি এবছৰৰ বাবে ডিটেনশ্যন কেম্পতো ৰাখে যদিও মুকলি হৈয়ে পুনৰ সশস্ত্ৰ সংগ্ৰামৰ পথলৈ যাত্ৰা কৰে স্বপ্নাই।

photo1660904309
সশস্ত্ৰ সংগ্ৰাম এৰি মূল সুঁতিলৈ! পত্নী-সন্তানক লগত লৈ আত্মসমৰ্পণ কেএলঅ’ৰ সাধাৰণ সম্পাদক কৈলাস কোচৰ 4

প্ৰণিধানযোগ্য যে, স্বাধীনাত দিৱসৰ পূৰ্বে কেএলঅ’ৰ সেনাধ্যক্ষ জীৱন সিংহই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি শান্তি আলোচনাৰ প্ৰতি আগ্ৰহ ব্যক্ত কৰিছিল। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও বিদ্ৰোহী সংগঠনটোক শান্তি আলোচনাৰ বাবে আদৰণি জনায়।

এই শান্তি আলোচনাক লৈ চৰকাৰ আৰু বিদ্ৰোহী সংগঠনটোৱে আগ্ৰহ ব্যক্ত কৰাৰ সময়তে পূৰ্বেই কণমানি সন্তান আৰু পত্নীসহ কেএলঅ’ৰ সাধাৰণ সম্পাদক কৈলাস কোচে আত্মসমৰ্পণ কৰা কাৰ্যই তাৎপৰ্য বহন কৰিছে।