সলনি হ’ল ভিষ্টাডোম ৰে’লৰ যাত্ৰাপথ, ৰে’ল বিভাগৰ নতুন ঘােষণা

নিউজ ডেস্ক। গুৱাহাটী আৰু নিউ হাফলঙৰ মাজত চলি থকা ভিষ্টাডােম ৰে’ল অতি কম সময়তে পৰ্যটকৰ মাজতে ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

উত্তৰ পূবৰ প্ৰথমবাৰলৈ প্ৰৱৰ্তন কৰা এই ৰে’লখনৰ যাত্ৰাপথ বৰাক উপত্যকালৈ বৃদ্ধিৰ দাবী উত্থাপন কৰি আহিছিল একাংশ দল-সংগঠনে।

E934-Yr5-VIAEPs-MU

আনকি, শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰায়ে কিছুদিন পূৰ্বে সংসদৰ মজিয়াত এই দাবী উত্থাপন কৰাৰ পাছতে এই ৰে’লখনৰ চলাচলৰ সময়ৰ তথা গতিপথ সাল-সলনি ঘটােৱাৰ ঘােষণা কৰিছে ৰে’ল বিভাগে।

সেই অনুসৰি, অহা ২২ ডিচেম্বৰৰ পৰা গুৱাহাটী পৰা নিউ হাফলঙৰ ষ্টেচন অতিক্ৰম কৰি বদৰপুৰ ৰে’ল ষ্টেচনলৈ যাত্ৰা কৰিব এই ৰে’লখনে।

E-Py5-WGUc-AE6-Q9l

অৰ্থাৎ অহা ২২ ডিচেম্বৰৰ পৰা 15888/15887 গুৱাহাটী – নিউ হাফলং টুৰিষ্ট এক্সপ্ৰেছ ৰে’ল হৈ পৰিল গুৱাহাটী-বদৰপুৰ ভিষ্টাডােম টুৰিষ্ট এক্সপ্ৰেছ ।

এই বিষয়ে ৰে’ল বিভাগে জাৰী কৰা নিৰ্দেশটোত উল্লেখ কৰা মতে, ৰে’লৱে ব’ৰ্ডে পৰ্যটকৰ সম্প্ৰসাৰণৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

এই কথা টুইট কৰি সন্তুষ্টি প্ৰকাশ কৰিছে সাংসদ ৰাজদীপ ৰায়ে।

নতুন সময়সূচী অনুসৰি, প্ৰতি সপ্তাহৰ বুধবাৰ আৰু শনিবাৰে গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা পুৱা ৬ঃ৪৫ বজাত যাত্ৰাৰম্ভ কৰিব ৰে’লখনে। যাত্ৰাপথত দিনৰ ১১ঃ৫੦ বজাত নিউ হাফলং ষ্টেচনৰ উপস্থিত হ’ব।

এই ষ্টেচনৰ পৰা পুনৰ ১২ঃ੦੦ বজাত যাত্ৰা কৰি ২ঃ২੦ বজাত যাত্ৰাপথৰ মুঠ ৩৪১ কিলােমিটাৰ পথ অতিক্ৰম কৰি উপস্থিত হ’ব বদৰপুৰ ৰে’ল ষ্টেচনত।

অনুৰূপ ধৰণে বিয়লি ৩ঃ১৫ বজাত বদৰপুৰ ৰে’ল ষ্টেচনৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰি নিশা ১੦ বাজি ৪৫ মিনিটত উপস্থিত হ’ব গুৱাহাটী ৰে’ল ষ্টেচনত।

লগতে চাওকঃ

বিয়াৰ প্ৰস্তাৱ অস্বীকাৰ প্ৰেমিকৰ, প্ৰতিশােধ ল’বলৈ ভয়ংকৰ কাণ্ড কৰিলে অন্তঃসত্বা প্ৰেমিকাই

Leave a Comment