সলনি হ’ব নেকি ৰাজ্যিক বিজেপি সভাপতি..! স্পষ্ট কৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই

ৰাজ্যিক বিজেপিৰ সভাপতি সলনি সন্দৰ্ভত বিভিন্ন চৰ্চা চলি থকাৰ মাজতে এই বিষয়ে স্পষ্ট কৰি দিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই।

সলনি নহয় বিজেপিৰ ৰাজ্যিক সভাপতি। ভৱেশ কলিতাই থাকিব ৰাজ্যিক বিজেপিৰ সভাপতিৰ পদত।

মঙলবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে এই বিষয়ে সদৰি কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই।

তাছাই কয়- ২০২৪ৰ লোকসভা নিৰ্বাচনত ভৱেশ কলিতাৰ সভাপতিত্বতেই বিজেপি দলে সাংগঠিক কাম কাজ কৰি যাব। বৰ্তমানে ৰাজ্যিক সভাপতি সলনি হোৱাৰ কোনো চিন্তা চৰ্চা দলৰ মজিয়াত হোৱা নাই।

লগতে তেওঁ কয়- ভৱেশ কলিতাৰ নেতৃত্বতেই অহা ৮ অক্টোবৰত খানাপাৰত দলীয় কাৰ্যকৰ্তাৰ এক বিশাল সন্মিলন অনুষ্ঠিত হব। য’ত উপস্থিত থাকিব ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

উল্লেখ্য যে,বৰ্তমানে ৰাজ্যত বিজেপিৰ কাৰ্যকৰ্তাৰ সংখ্যা ৪৫ লাখতকৈয়ো অধিক। যি কাৰ্যকৰ্তাই ২৮ হাজাৰৰো অধিক বুথ কমিটি গঠন কৰি ৰাজ্যৰ বাবে সেৱা আগবঢ়াই আহিছে বুলি সাংসগৰাকীয়ে সদৰি কৰে।