সলনি হ’ব অসমৰ বহু অঞ্চলৰ নাম, পৰামৰ্শৰ গ্ৰহণৰ বাবে চৰকাৰে মুকলি কৰিব পৰ্টেল

নিউজ ডেস্ক। অসমীয়া সংস্কৃতিবিৰোধী আৰু জনগোষ্ঠী বিৰোধী গাঁও সমূহৰ নাম সলনি কৰিবলৈ আগবাঢ়িছে অসম চৰকাৰ।

অহা ৭ দিনৰ ভিতৰত গাঁওৰ নাম সলনি কৰিবলৈ এটা পৰ্টেল মুকলি কৰা হব। সংবাদ মাধ্যমৰ সন্মুখত এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই স্পষ্ট কৰি দিয়ে যে কোনো গাঁওৰ নাম সলনি কৰি নতুন নাম এটা চৰকাৰে জোৰ কৰি জাপি নিদিয়ে। সেই গাঁওখনৰ ৰাইজে যদি গাঁওখনৰ নাম সলনি কৰিব বিচাৰে, তেন্তে পৰ্টেলযোগে নতুন নামটো লিখি আবেদন জনাব পাৰিব।

পৰৱৰ্তী সময়ত জিলা উপায়ুক্তই সেই গাঁওখনত উপস্থিত হৈ নতুন নামটোৰ প্ৰতি সকলোৰে সহমত আছে নে নাই সেয়া নিশ্চিত কৰিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘চেৰাপভাটি’, ‘কুকুৰমুতা’ আদি গাঁৱৰ নাম অসমীয়া সংস্কৃতি বিৰোধী।

এনে পৰিপ্ৰেক্ষিতত তেনে গাঁৱৰ ৰাইজে মিলি যদি গাঁওখনৰ নাম সলনি কৰিব বিচাৰে তেন্তে কৰিব পাৰিব। কিন্তু কোনো গাঁওবাসীয়ে যদি ভাৱে যে তেওঁলোকৰ গাঁৱৰ নামটো ঐতিহ্যবাহক। তেন্তে জোৰ কৰি নতুন নাম এটা চৰকাৰে জাপি নিদিয়ে।

Leave a Comment