fbpx
অসমীয়াৰাষ্ট্ৰীয়

সম্ভেদ নাই নুপুৰ শৰ্মাৰ! বিজেপিৰ নিলম্বিত নেত্ৰীগৰাকীক বিচাৰি চলাথ মুম্বাই আৰক্ষীৰ…

নিউজ ডেস্কঃ অন্তৰ্ধান হ’ল বিজেপিৰ নিলম্বিত নেত্ৰী নুপুৰ শৰ্মা! পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মাৰ বিৰুদ্ধে বিভিন্ন ৰাজ্যৰ কেইবাখনো থানাতো গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে এই গোচৰ সন্দৰ্ভত আদালতত হাজিৰ হ’বলৈ চমনো জাৰি কৰা হৈছে নুপুৰক।

আনহাতে সন্ধানহীন হৈ থকা নুপুৰ শৰ্মাক বিচাৰি বিগত ৪ দিন মুম্বাই আৰক্ষীে চৌদিশ চলাথ কৰিছে যদিও এতিয়াও সম্ভেদ উলিয়াব পৰা নাই তেওঁৰ। যাৰ বাবে দিল্লী আৰক্ষীৰ সহায়ত নুপুৰ শৰ্মাই আত্মগেোপন কৰি থকাৰ দাবী কৰিছে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীয়ে।

মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰণালয়ৰ এক বিশেষ সূত্ৰৰ জৰিয়তে এই খবৰ আহিছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি মুম্বাই আৰক্ষীৰ হাতত নুপুৰ শৰ্মাক গ্ৰেপ্তাৰ কৰিব পৰাকৈ যথেষ্ট প্ৰমাণ আছে। সেয়ে পৈধোনী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত নুপুৰৰ বিৰুদ্ধে চমন জাৰি কৰা হয়।

প্ৰথমে চমনৰ কপি ই-মেইলযোগে প্ৰেৰণ কৰা হয়। কিন্তু চমনৰ কোনো সঁহাৰি লাভ নকৰাত মুম্বাই আৰক্ষীৰ দলটোৱে নিয়ম অনুসৰি চমন গতাই দিবলৈ দিল্লীত উপস্থিত হয়। কিন্তু তাত চাৰিদিন ধৰি নুপুৰ শৰ্মাৰ সন্ধান বিচাৰিও মুম্বাই আৰক্ষীৰ দলটো ব্যৰ্থ হয়।

ইয়াৰ পিছতে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী দিলীপ ৱালছে আওপকীয়াকৈ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি নুপুৰ শৰ্মা লুকাই থকাত দিল্লী আৰক্ষীয়ে সহযোগ কৰাৰ দাবী তোলে। তেওঁ কয় যে মুম্বাই আৰক্ষীয়ে আইন অনুসৰি কৰ্তব্য পালন কৰি আছে আৰু তাত দিল্লী আৰক্ষীয়ে সহযোগ কৰা উচিত।

উল্লেখ্য যে, হজৰত মহম্মদক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগত নুপুৰ শৰ্মাক বিজেপিৰ পৰা নিলম্বন কৰা হৈছিল। আনহাতে তেওঁৰ বিৰুদ্ধে কেইবাখনো ৰাজ্যৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। নুপুৰ শৰ্মাক মন্তব্যক লৈ দেশৰ ভিতৰৰ লগতে বাহিৰতো তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!