নিউজ ডেস্কঃ সম্প্ৰীতিৰ দেশ ভাৰত। একাংশ ৰাজনীতিবিদ আৰু স্বাৰ্থলোভীৰ ব্যক্তিগত বিদ্বেষৰ মাজতো আজিও ভাৰত মহীয়ান হৈ আছে প্ৰতিটো জাতি আৰু ধৰ্মৰ লোকৰ সম্প্ৰীতিৰ নিদৰ্শনৰে। তাৰ উদাহৰণ প্ৰায়ে দেখা পোৱা যায়।
শেহতীয়াকৈ সম্প্ৰীতিৰ আন এক উৎকৃষ্ট নিদৰ্শন দেখা পোৱা গ’ল বিহাৰৰ পাটনা চহৰত। এগৰাকী হিন্দু কৰ্মচাৰীৰ অন্তিম যাত্ৰাৰ সমভাগী হৈ একাংশ ইছলাম ধৰ্মৰ লোকে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ দৃশ্যই আবেগিক কৰি তুলিছে সকলোকে।
হিন্দু লোকজনে কাম কৰা দোকানখনৰ মালিক মহম্মদ ৰিজৱান খানে বৃদ্ধ কৰ্মচাৰী ৰামদেৱৰ শৰীৰটো কান্ধত লৈ শ্মশানলৈ যাত্ৰা কৰাৰ দৃশ্যই বহন কৰিছে সম্প্ৰীতিৰ নিদৰ্শন।

জানিব পৰা মতে, পাটনাৰ নিবাসী মহম্মদ ৰিজৱান খান নামৰ ব্যক্তিজনৰ এখন দোকানত যোৱা ২৫ বছৰ ধৰি কাম কৰি আহিছিল ৰামদেৱ নামৰ এগৰাকী হিন্দু ব্যক্তিয়ে। সুদীৰ্ঘ কাল একেলাগে কাম কৰি মহম্মদ ৰিজৱানৰ পৰিয়ালৰ এজন সদস্যৰ দৰেই হৈ পৰিছিল ৰামদেৱ।
যোৱা সপ্তাহত ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৰামদেৱে। তাৰ পিছতে মালিক মহম্মদ ৰিজৱান খানৰ লগতে আন আন মুছলমান লোকসকলে ৰামদেৱৰ শেষ যাত্ৰাত ভাগ লৈ হিন্দু ৰীতি-নীতি অনুসৰি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।
মহম্মদ ৰিজৱানে কয়, “ৰামদেৱ মোৰ পিতৃৰ দৰে আছিল। যেতিয়া তেওঁ কাম বিচাৰি মোৰ দোকানলৈ আহিছিল, তেওঁৰ বয়স ৫০ বছৰৰ ওচৰত আছিল।”
শেষলৈ ৰামদেৱক কামত নলগাই বিশ্ৰাম লবলৈ দিছিল বুলিও জনায় ৰিজৱানে।
আনহাতে দেশত বৰ্তমান সময়ত সংঘটিত হৈ থকা ধৰ্মীয় সংঘাত সন্দৰ্ভত ৰিজৱানে কয়, “যদি এটা শিশু আঘাতপ্ৰাপ্ত হয়, মই তাৰ ধৰ্ম জানিব নিবিচাৰো। মই প্ৰথমে ঔষধ দিয়াৰ চেষ্টা কৰিম। একেদৰেই হিন্দুসকল আমাৰ অনুষ্ঠানলৈ আহে আৰু আমি তেওঁলোকৰ অনুষ্ঠানত ভাগ লও।”