নিউজ ডেস্কঃ স্বাৰ্থসিদ্ধিৰ বাবে একাংশই সমগ্ৰ দেশত ধৰ্মীয় বিষবাষ্প চটিওৱাৰ সময়তে হিমাচল প্ৰদেশৰ চিমলাত সম্পন্ন হ’ল সম্প্ৰীতিৰ এখন অনন্য বিবাহ।
হিন্দু-মুছলমান দুয়োটা ধৰ্মৰ ৰীতি-নীতিৰে এই বিবাহখন সম্পন্ন হয় চিমলাৰ ৰামপুৰ বুশ্বহৰস্থিত ঠাকুৰ সত্যনাৰায়ণ মন্দিৰৰ চৌহদত।
উল্লেখ্য যে, এই বিশেষ বিবাহখনৰ কইনা নৈমত্ত মালিক হৈছে এগৰাকী এমটেক গোল্ড মেডেলিষ্ট। আনহাতে দৰা ৰাহুল শ্বেখ হৈছে এগৰাকী চিভিল ইঞ্জিনিয়াৰ।
সত্যনাৰায়ণ মন্দিৰ চৌহদত থকা বিশ্ব হিন্দু পৰিষদৰ কাৰ্যালয়ত সম্পন্ন হয় মুছলমান যুৱক-যুৱতীহালৰ বিয়াখন।
এই বিয়াখনত বৰযাত্ৰীৰ অভ্যাৰ্থনাৰ পৰা অপ্যায়নলৈকে সকলোখিনি হিন্দু পৰম্পৰা অনুসৰি সম্পন্ন হয়।
আনহাতে মুছলমান পৰম্পৰা অনুসৰি এগৰাকী অধিবক্তা আৰু দুজন সাক্ষীৰ উপস্থিতিত মৌলৱীয়ে সম্পন্ন কৰে বিবাহ অনুষ্ঠান।
হিন্দু আৰু মুছলমান দুয়োটা ধৰ্মৰ লোকেই এই বিয়াখনত উপস্থিত থাকে।
সত্যনাৰায়ণ মন্দিৰ ন্যাসৰ পৰিচালক আৰু কইনাৰ পিতৃ মহেন্দ্ৰ সিং মালিকে কয় যে এই বিয়াখনৰ জৰিয়তে ধৰ্মীয় সম্প্ৰীতি আৰু চিৰন্তন পৰম্পৰাৰে সামাজিক সম্প্ৰীতিক তুলি ধৰাৰ প্ৰচেষ্টা কৰা হৈছে।
বিয়াখনত সহযোগ কৰা বিশ্ব হিন্দু পৰিষদ আৰু উপস্থিত সকলোকে ধন্যবাদ জনায় কইনাৰ পিতৃয়ে।
আনহাতে, ঠাকুৰ সত্যনাৰায়ণ মন্দিৰ ট্ৰাষ্ট ৰামপুৰৰ সাধাৰণ সম্পাদক বিনয় শৰ্মাই কয় যে এই মন্দিৰটো বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা পৰিচালিত।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জিলা কাৰ্যালয়ো ইয়াত আছে। বিশ্ব হিন্দু পৰিষদ আৰু আৰ এছ এছৰ বিৰুদ্ধে প্ৰায়ে মুছলমান বিৰোধী বুলি অভিযোগ উত্থাপন হয়।
এনে সময়ত এগৰাকী মুছলমান যুৱতীয়ে মন্দিৰ চৌহদত বিবাহ সম্পন্ন কৰা কাৰ্যই সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে বুলি মন্তব্য কৰে বিনয় শৰ্মাই।