সম্প্ৰীতিৰ নিদৰ্শন! চহৰৰ মাজমজিয়াৰ কোটিটকীয়া মাটি মছজিদক দান দিলে এহাল হিন্দু ভাতৃ-ভগ্নীয়ে, অসমৰে ঘটনা এয়া…

নিউজ ডেস্কঃ বিদ্বেষৰ মাজতে সম্প্ৰীতিৰ এক অনন্য নিদৰ্শনৰ স্থলী হৈ পৰিল মঙলদৈ চহৰ।

ধৰ্মীয় গোড়ামিৰ মাজতে প্ৰায় ৯০ বছৰ পূৰ্বে মৌখিকভাৱে দান দিয়া কোটিটকীয়া মাটি আনুষ্ঠানিকভাৱে মছজিদক দান দিলে মঙলদৈ চহৰৰ এটা হিন্দু পৰিয়ালে।

মঙলদৈৰ ১নং ৱাৰ্ডৰ মহাত্মা গান্ধী পথ নিবাসী দুই ভাতৃ-ভগ্নী নীলোৎপল দাস আৰু বিজিতা সৰকাৰে আনুষ্ঠানিকভাৱে মঙলদৈ সদৰ জামে মছজিদৰ নামত দান কৰে ৯ লেচা ভূমি।

মঙলদৈৰ লক্ষ্মীনাথ বেজবৰুৱা পথত থকা এই মছজিদলৈ দান কৰা এই ভূমিখিনিৰ বৰ্তমানৰ বজাৰ মূল্য এক কোটি টকাৰো অধিক বুলি প্ৰকাশ পাইছে।

তাৎপর্যপূর্ণ যে নীলোৎপল দাস এজন ক্ষুদ্র ব্যৱসায়ী আৰু বিজিতা সৰকাৰ এগৰাকী গৃহিণী।

জানিব পৰামতে ১৯৩৪ চনত মঙলদৈ সদৰ জামে মছজিদৰ বাবে মাটিৰ প্রয়োজন হোৱাত মংগললাল দত্তই মৌখিকভাবে তেওঁৰ ৯ লেচা মাটি মছজিদ পৰিচালনা সমিতিক ব্যৱহাৰ কৰিবলৈ দিছিল।

মংগললাল দত্তৰ মৃত্যুৰ পিচত সেই ভূমিখিনি তেওঁৰ তিনি কন্যা বীণাপাণি সিংহ ৰয়, কল্যাণী দত্ত, কমলা দত্ত দাসৰ নামত নামজাৰি হয় আৰু তেওঁলোকেই খাজনা দি আহিছিল।

পৰৱৰ্তী সময়ত এই তিনিগৰাকী কন্যাৰ মৃত্যুৰ পিচত বীণাপাণি সিংহৰ কন্যা বিজিতা সৰকাৰ আৰু কমলা দত্তৰ পুত্ৰ নীলোৎপল দাসৰ নামত মাটিখিনি নামজাৰি হৈছিল।

আনহাতে কল্যাণী দত্ত অবিবাহিত আছিল।

তাৎপর্যপূর্ণ যে বিজিতা সৰকাৰৰ স্বামী গৌতম সৰকাৰে বৰ্তমানেও মাটিৰ খাজানা আদায় দি আছে।

এনে সময়তে মাটিৰ নামজাৰি প্ৰক্ৰিয়া শিথিল কৰাৰ বাবে চৰকাৰে আৰম্ভ কৰা ‘বসুন্ধৰা’ আঁচনিৰ” পৰিপ্ৰেক্ষিতত মঙলদৈ সদৰ জামে মছজিদ পৰিচালনা সমিতিৰ সভাপতি জালালুদ্দিন আহমেদ আৰু সম্পাদক কাইমুৰ ৰহমানে মঙলদৈ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিখিনি মছজিদৰ নামত নামজাৰি কৰাৰ বাবে আবেদন কৰাৰ পিচতহে ৰাইজৰ মাজত মাটিৰ ৰহস্য উন্মোচিত হয়।

কিয়নো মছজিদ পৰিচালনা সমিতিৰ অধিকাংশ সদস্যই মাটিখিনিৰ গৰাকী যে বিজিতা সৰকাৰ আৰু নীলোৎপল দাস সেই কথা জনা নাছিল।

এইক্ষেত্ৰত অৱগত হোৱাৰ পিচত মছজিদ পৰিচালনা সমিতিয়ে পৰিয়ালটোৰ লগত যোগাযোগ কৰাত তেওঁলোকে “আমাক কোনো বিনিময় নিদিয়াৰ প্ৰতিশ্ৰুতি দিলেহে আমি মাটিখিনি হস্তান্তৰ কৰি দিম’ বুলি মছজিদ পৰিচালনা সমিতিক জনাই দিয়ে।

ইয়াৰ পিচত ‘মাটিৰ বিনিময় লৈ আমাৰ স্বৰ্গগত মাতৃ, ককাৰ আত্মাক আঘাত কৰিব নিবিচাৰো বুলি কোৱাৰ লগতে আমাৰ মাজত সাতামপুৰুষীয়া ঐক্য-সংহতি, ভাতৃত্ববোধ সদায় অটুট থাকক বুলি আশা প্রকাশ কৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ সন্মুখত আপত্তিবিহীন প্ৰমাণপত্ৰত চহী কৰে।

ইয়াৰ ফলত ১৬৩৪ দাগৰ ৯ লেচা মাটি আজি মঙলদৈ সদৰ জামে মছজিদৰ নামত আনুষ্ঠানিকভাবে হস্তান্তৰ হয়।

এনেদৰে অতি সহজতে ৮৯ বছৰৰ পিচত মাটিখিনি আনুষ্ঠানিকভাৱে মছজিদৰ নামত হস্তান্তৰ কৰি দিয়াৰ বাবে মছজিদ পৰিচালনা সমিতিয়ে অহা ২৫ ফেব্ৰুৱাৰীত মছজিদ প্ৰাংগণত এখন ৰাজহুৱা কৃতজ্ঞতা সভাৰ আয়োজন কৰিছে।