অসম

সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ…

সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ।

সত্ৰীয়াগৰাকীৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰিবলৈ প্ৰশাসনক নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

উল্লেখ্য যে, দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ২২ অক্টোবৰ, শনিবাৰে বিয়লি ৪ বাজি ৫৬ মিনিটত পৰলোকপ্ৰাপ্তি ঘটে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ তথা পণ্ডিত বশিষ্ঠ দেৱ শৰ্মাৰ।

যোৱা ১১ অক্টোবৰত গুৱাহাটি চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল বৈষ্ণৱ পণ্ডিতগৰাকীক। ইয়াৰ পিছতে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত আই চি ইউলৈ স্থানান্তৰিত কৰা হৈছিল।

১৯৩৮ চনৰ ১ এপ্ৰিলত সুন্দৰীদিয়াত গিৰীশ চন্দ্ৰ শৰ্মা আৰু দময়ন্তী দেৱীৰ ঔৰষত জন্মগ্ৰহণ কৰিছিল বশিষ্ঠ দেৱ শৰ্মাই।

প্ৰথমে এগৰাকী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা বশিষ্ঠ দেৱ শৰ্মাৰ শৈশৱৰ পৰাই আছিল সত্ৰীয়া সংস্কৃতিৰ সৈতে আত্মীয়তা।

অসমৰ সত্ৰীয়া সংস্কৃতিৰ লগতে সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মাক অসম চৰকাৰে শংকৰদেৱ বঁটা, সুন্দৰীদিয়া সত্ৰৰ মাধৱদেৱ বঁটা, সাংস্কৃতিক মহাসভা অসমে জীৱনযোৰা সাধনা বঁটা, শ্ৰী শ্ৰী দৈত্তাৰী ঠাকুৰ বঁটা, মথুৰাদাস বুঢ়া আতা বঁটা, কমলাবাৰী সত্ৰপ পৰা বদলা পদ্ম আতা বঁটা, অখিল ভাৰত হিন্দু মহাসভা অসম সমিতিৰ পৰা লুইতপৰীয়া জীৱনযোৰা সাধনা বঁটাকে ধৰি বহু বঁটা আৰু সন্মান লাভ কৰিছে।

Related Articles

Back to top button