fbpx
অসমীয়াৰাষ্ট্ৰীয়

সম্পত্তিৰ বাবেই দুই কোটিপতি মহিলাৰ মাজত লাগিল চুলিয়াচুলি! নলাত বাগৰি পৰাৰ পিছতো বন্ধ নহ’ল কাজিয়া

নিউজ ডেস্কঃ সম্পত্তিক লৈ চৰম বিবাদ! একেটা পৰিয়ালৰ দুগৰাকী মহিলাৰ মাজত সম্পত্তিক লৈ সৃষ্টি হোৱা কাজিয়াৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

ভাইৰেল ভিডিঅ’টোত দেখা পোৱা মতে, দুগৰাকী মহিলাই কাজিয়া কৰি কৰি এটা নলাৰ ভিতৰত সোমাই পৰিছে। কিন্তু তাৰ পিছতো শাম কটা নাই তেওঁলোকৰ কাজিয়া। পুতিদুৰ্গোন্ধময় নলাৰ ভিতৰতে মহিলা দুগৰাকীয়ে চৰ-ভুকু-কিল-গোৰ শোধাইছে ইজনে আনজনক।

সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ঘটনাৰ স্থান ৰাজস্থানৰ আজমেৰৰ বিয়াৱাৰ। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিয়াৱাৰ এটা বিশেষ ব্যৱসায়িক পৰিয়ালৰ দীৰ্ঘদিনৰ পৰা সম্পত্তিকেন্দ্ৰিক বিবাদ চলি আহিছে।

আৰক্ষীৰ মতে, এই বিবাদৰ পৰিণতিতে পৰিয়ালৰ দুগৰাকী আভিজাত মহিলাৰ মাজত চুলিয়াচুলি লাগে। আনহাতে সেই সময়ত পৰিয়ালটোৰ বাকীবোৰ সদস্যই কাজিয়া ভাঙি দিয়াৰ পূৰ্বে কাজিয়াত লিপ্ত হৈ পৰাহে পৰিলক্ষিত হৈছে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে দুয়োপক্ষই ইজনে আনজনকৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ তৰিছে। ভাইৰেল ভিডিঅ’টোৱে নেটিজেনকো বেছ আমোদ দিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!