
নিউজ ডেস্ক। নিজৰ লােকসভা সমষ্টিবাসীৰ বাবে অভূতপূৰ্ব ত্যাগ কৰি দেশজুৰি প্ৰশংসাৰ পাত্ৰ হৈছে এগৰাকী বিজেপি সাংসদ।
এই সাংসদগৰাকী হৈছে মধ্য প্ৰদেশৰ উজ্জয়িনী লােকসভা সমষ্টিৰ সাংসদ অনিল ফিৰােজিয়া।
উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি সমষ্টিৰ উন্নয়নৰ বাবে অধিক কেন্দ্ৰীয় পূঁজি লাভ কৰাৰ উদ্দেশ্যেৰে ফিৰোজিয়াই হ্ৰাস কৰিলে ১৫ কিলোগ্ৰাম ওজন।

উল্লেখ্য যে কিছুদিন পূৰ্বে গাডকাৰীয়ে প্ৰতি এক কিলাে ওজন হ্ৰাস কৰাৰ বিপৰীতে সমষ্টিৰ বাবে ১ হাজাৰ কােটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল।
তেওঁ কয় যে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰিব আৰু অঞ্চলটোৰ উন্নয়নৰ বাবে দাবী কৰিব ১৫,০০০ কোটি টকা, কিয়নাে এই পৰ্যন্ত তেওঁ ১৫ কিলাে ওজন হ্ৰাস কৰিবলৈ সক্ষম হৈছে।
দৰাচলতে, ফিৰোজিয়াই অঞ্চলটোৰ উন্নয়নৰ বাবে নীতিন গাডকাৰীৰ পৰা নিৰন্তৰ বাজেট দাবী কৰি আহিছিল।
MP| Ujjain MP Anil Firojiya lost almost 15 kilos of weight in lieu of development in his constituency. Union minister Gadkari had 4 months back stated on stage that he would give Rs 1000 crore for development work for each kilo lost.
— ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) June 12, 2022
(Last picture from event in February) pic.twitter.com/EHEJ5k92F2
গাডকাৰীয়ে তেতিয়া তেওঁলোকৰ সন্মুখত এটা চৰ্ত ৰাখে যে যদি তেওঁ ওজন হ্ৰাস কৰে, তেন্তে প্ৰতি কিলোগ্ৰামৰ সলনি অঞ্চলটোৰ বিকাশৰ বাবে এক হাজাৰ কোটিকৈ বাজেট ধাৰ্য কৰা হ’ব।
নীতিন গাডকাৰীৰ এই প্ৰত্যাহ্বানৰ পিছতে, সাংসদসকলে ওজন হ্ৰাস কৰাৰ এক অভিযানত নামি পৰে।
উল্লেখযোগ্য যে ফেব্ৰুৱাৰীত, ফিৰোজিয়াৰ ওজন আছিল ১২৫ কিলোগ্ৰাম। ফিৰোজিয়াই কোৱা মতে গাডকাৰীয়ে তেওঁক ফিট হ’বলৈ অনুপ্ৰাণিত কৰিছিল।

ফিৰোজিয়াই ৰাতিপুৱা ঘৰত বনোৱা সৰু বাগিচাখনতে ব্যায়াম কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছতে দীঘলীয়া সময়ৰ বাবে, ওজন হ্ৰাস কৰাৰ ব্যায়াম আৰম্ভ কৰে।
তেওঁ লগতে কয় যে ১৫ কিলোগ্ৰাম হ্ৰাস কৰাৰ পিছত তেওঁ এতিয়া উন্নয়নমূলক কামৰ বাবে গাডকাৰীৰ পৰা ১৫,০০০ কোটি টকা দাবী কৰাৰ অধিকাৰী হ’ল।
তেওঁ উল্লেখ কৰে যে তেওঁ ওজন হ্ৰাস কৰা কামটো অব্যাহত ৰাখিব যাতে তেওঁৰ লোকসভা সমষ্টিটোৱে উন্নয়নৰ বাবে অধিক ধন লাভ কৰিব পাৰে।