নিউজ ডেস্কঃ সময়ৰ পাকচক্ৰ কাৰ বাবে কেনেকৈ ঘূৰে কোনে জানে?
এদিন সকলোৱে ডাইনী নাম দিছিল মহিলাগৰাকীক। বাটেৰে পাৰ হৈ গ’লে যদি মহিলাগৰাকীৰ সৈতে দেখা হয়, তেন্তে যাত্ৰা অশুভ হোৱা বুলি গালি দিছিল।
গিৰিয়েকৰ পিছত পুতেকৰো মূৰ খোৱা বুলি অকথ্য মানসিক নিৰ্যাতন চলোৱা হৈছিল মহিলাগৰাকীৰ ওপৰত। ‘ডাইনীৰ ঘৰ’ নাম দিয়া হৈছিল তেওঁলোকৰ মৰমৰ ঘৰখনক।
আনকি পঢ়িবলৈ যেতিয়া জীয়েকক বাহিৰলৈ পঠিয়াইছিল, তেতিয়াও আলোচনা কৰিছিল মানুহে- টকাৰ বাবেই হেনো বিক্ৰী কৰিলে ছোৱালীজনীক।

কিন্তু সেইগৰাকী মহিলাৰ কন্যাই এতিয়া দেশৰ হৈ খেলি ১৯ অনুৰ্ধ্ব মহিলা বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ জয়লাভত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাত ধাৰণা সলনি হ’ল মানুহৰ।
এতিয়া সেইগৰাকী মহিলাৰ ঘৰৰ চোতালতে বহি কন্যাৰ প্ৰশংসা কৰি তত্ নোহোৱা কৰিছে গাঁওবাসীয়ে।
সেই মহিলগৰাকীৰ নামেই হৈছে উত্তৰ প্ৰদেশৰ উন্নাওৰ নিৱাসী সাৱিত্ৰী দেৱী। ১৯ অনুৰ্ধ্ব মহিলা বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ফাইনেলত ভাৰতৰ হৈ দুটা উইকেট দখল কৰি জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বলাৰ অৰ্চনা দেৱীৰ মাতৃ সাৱিত্ৰী দেৱী।

উল্লেখ্য যে, ২০০৭ চনত মৃত্যু ঘটিছিল অৰ্চনাৰ পিতৃ শিৱৰামৰ। তাৰ কিছুদিন পিছতে সৰ্প দংশনত মৃত্যু ঘটে অৰ্চনাৰ সৰু ককায়েক বুদ্ধিমানৰো।
ইয়াৰ পিছতেই মাতৃ সাৱিত্ৰী দেৱীক ডাইনী সজাই গোটেই পৰিয়ালটোক অকথ্য নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে গাঁওবাসীয়ে। মাতৃ সাৱিত্ৰীক বাটত দেখিলেই যাত্ৰা অশুভ হোৱা বুলিও গালি-গালাজ কৰিবলৈ লয় গাঁওবাসীয়ে।
কিন্তু সেই সময়ত মানসিকভাৱে ভাগি নপৰি অৰ্চনাৰ লগতে জ্যেষ্ঠ পুত্ৰ ৰোহিতক শিক্ষিত কৰাত গুৰুত্ব দিয়ে সাৱিত্ৰী দেৱীয়ে।

গাঁৱৰ মানুহৰ মানসিক অত্যাচাৰ পৰা নিলগত ৰাখিবলৈ অৰ্চনাক মোৰাবাদৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত পঢ়িবলৈ পঠিয়ায় মাতৃয়ে।
সেই সময়তো ছোৱালীজনীক টকাৰ বাবে বিক্ৰী কৰা বুলি মাতৃক লৈ আলোচনা আৰম্ভ কৰে গাঁওবাসীয়ে।
অৰ্চনাৰ সৰু ককায়েকে ক্ৰিকেট খেলিছিল। তেঁৱেই অৰ্চনাক খেলিবলৈ শিকাইছিল ক্ৰিকেট। সৰ্পদংশনত বুদ্ধিমানৰ মৃত্যু ঘটাৰ পূৰ্বে অৰ্চনাক বাৰে বাৰে তেওঁ কৈছিল- ‘তই ভাৰতৰ হৈ এদিন খেলিব লাগিব।’

সৰু ককায়েকে দেখুৱাই দিয়া সেই বাটেৰেই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰি ১৯ অনুৰ্ধ্ব ভাৰতীয় মহিলা দলত স্থান লাভ কৰিবলৈ সক্ষম হয় অৰ্চনা দেৱীয়ে।
তাৰ পিছতে দেওবাৰে ১৯ অনুৰ্ধ্ব মহিলা বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে দুটা উইকেট লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে অৰ্চনাই।

তাৰ পিছতে যিখন ঘৰৰ চোতালত এদিন মানুহে খোজ দিবলৈ টান পাইছিল, সেই ঘৰলৈকে এতিয়া সোঁত বৈছে মানুহৰ।
যিবোৰ মানুহে এদিন অৰ্চনাৰ মাতৃক ডাইনী সজাইছিল, সেই সকলেই এতিয়া অৰ্চনাৰ গুণ বখানি সাৱিত্ৰীক প্ৰশংসা কৰিছে।
সময়ৰ এই পৰিৱৰ্তনে স্বাভাৱিকতে সুখী কৰিছে অৰ্চনাৰ মাতৃ সাৱিত্ৰী দেৱী আৰু ভাতৃ ৰোহিত কুমাৰকো।