সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা AFSPA প্ৰত্যাহাৰৰ দাবী মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

নিউজ ডেস্ক। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই দেওবাৰে নাগালেণ্ডৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) প্ৰত্যাহাৰৰ পৰ্যালোচনা কৰাৰ বাবে গঠন কৰা পেনেলখন সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ সম্প্ৰসাৰিত কৰাৰ দাবী জনায়।

এক টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক ধন্যবাদ জনাই কয়, নাগালেণ্ডত AFSPA আৰোপ কৰাৰ পৰ্যালোচনা কৰিবলৈ এখন পেনেল গঠনৰ অনুমোদনৰ বাবে ভাৰত চৰকাৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহে গ্ৰহণ কৰা পদক্ষেপক স্বাগতম জনাইছোঁ। পেনেলে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল পৰীক্ষা কৰা উচিত।”

উল্লেখ্য যে, নাগালেণ্ড চৰকাৰে দেওবাৰে ঘোষণা কৰে যে নাগালেণ্ডত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) প্ৰত্যাহাৰৰ বাবে এখন পেনেল গঠন কৰা হ’ব আৰু এই পেনেলে ৪৫ দিনৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব।

নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত সমিতিখন গঠনৰ সিদ্ধান্ত লোৱা হয়। এই বৈঠকত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে নাগা পিপলছ ফ্ৰণ্ট লেজিচলেটিভ পাৰ্টিৰ নেতা টি আৰ জেলিয়াঙো উপস্থিত থাকে।

গৃহমন্ত্ৰীৰ সৈতে অনুষ্ঠিত বৈঠকত লগতে সিদ্ধান্ত লোৱা হয় যে তদন্ত আদালতে নাগালেণ্ড গুলীচালনা গোচৰত জড়িত সেনা গোট আৰু সেনা জোৱানসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব।

এক চৰকাৰী বিবৃত্তিত এই কথা জনোৱা হয় যে তদন্তৰ সন্মুখীন হ’বলগীয়া চিনাক্ত ব্যক্তিসকলক তাৎক্ষণিক প্ৰভাৱৰ সৈতে নিলম্বনৰ অধীনত ৰখা হ’ব। লগতে মন জিলাৰ অসম ৰাইফল গোটটোও তাৎক্ষণিক প্ৰভাৱৰ সৈতে সলনি কৰা হ’ব বুলিও বিবৃত্তিটোত উল্লেখ কৰা হৈছে।

প্ৰণিধানযোগ্য যে, নাগালেণ্ডৰ মন জিলাত ৪ ডিচেম্বৰত ভাৰতীয় সেনাৰ গুলিবৰ্ষণ আৰু তাৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিত সাধাৰণ নাগৰিকসহ ১৫ জন লোকৰ মৃত্যু ঘটিছিল। আনহাতে এই ঘটনাৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা AFSPA প্ৰত্যাহাৰৰ দাবী জনাইছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

Leave a Comment