fbpx
অসমঅসমীয়া

সমগ্ৰ অসমৰ পৰা শীঘ্ৰেই প্ৰত্যহাৰ কৰা হব AFSPA: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ জেস্কঃ নিশ্চিতভাৱে শীঘ্ৰেই সমগ্ৰ অসমৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন। -এই বিশ্বাস ব্যক্ত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যোৱা কেইবছৰমানত অসমত আইন-শৃংখলা পৰিস্থিতিৰ ব্যাপক উন্নতি হৈছে। যাৰ ফলত শীঘ্ৰেই AFSPA সমগ্ৰ অসমৰ পৰা প্ৰত্যাহাৰ কৰা হব।

শ্বাহে লগতে কয়, “আইন-শৃংখলাৰ উন্নত পৰিস্থিতিৰ বাবে, AFSPA ইতিমধ্যে অসমৰ ২৩ খন জিলাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে।”

Image

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে উত্তৰ-পূবৰ ৰাজ্যসমূহত উন্নত নিৰাপত্তা পৰিস্থিতিৰ বাবে কেইবা দশকৰ বিদ্ৰোহৰ পিছত নাগালেণ্ড, অসম আৰু মণিপুৰত আংশিকভাৱে AFSPA উঠাই লোৱা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ ৬০ শতাংশতকৈও অধিক অঞ্চল এতিয়া AFSPAৰ পৰা মুক্ত।

“AFSPA সদায় ৰাইজে বিৰোধিতা কৰি আহিছে” বুলি উল্লেখ কৰি অমিত শ্বাহে কয়, “কেইবাটাও উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হৈছে, এনেদৰে ৰাজ্যখনত শান্তি নিশ্চিত কৰা হৈছে।”

Image

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয়, “অসমত উগ্ৰবাদ আৰু হিংসাৰ দিন প্ৰায় শেষ হৈছে। AFSPA ঠাইত আমি এতিয়া যুৱক-যুৱতীসকলক বিকাশ আৰু এক উজ্জ্বল ভৱিষ্যতৰ সপোন প্ৰদান কৰিছো।”

উল্লেখ্য যে, যোৱা ২৫ বছৰত অসম আৰক্ষীয়ে আগবঢ়োৱা দৃষ্টান্তমূলক সেনাৰ বাবে মঙলবাৰে অসম আৰক্ষীক ৰাষ্ট্ৰপতিৰ কালাৰছ সন্মান প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!