সভাপতি পদৰ পৰা ৰিপুন বৰাৰ পদত্যাগ! ছােনিয়া গান্ধীলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ

May 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসম বিধানসভাৰ নিৰ্বাচনী ফলাফলত কংগ্ৰেছ দলৰ নেতৃত্বাধীন মহাজােঁটে মুখথেকেচা খালে।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই আনিক নিজৰ বিধানসভা সমষ্টিতাে পৰাজয়বৰণ কৰিবলগা হ’ল।

দলটােৰ এনে ব্যৰ্থতাৰ পৰিপ্ৰেক্ষিত নৈতিক দায়িত্বৰ পালন কৰি ৰাজ্যিক সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিছে ৰিপুন বৰাই।

কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভানেত্ৰী ছােনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত বৰাই লিখিছে ”অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিফলতাৰ বাবে মই নৈতিক দায়িত্ব স্বীকাৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছােঁ।”

অৱশ্যে, কংগ্ৰেছ দলৰ সাধাৰণ সদস্য হিচাপে দলটােৰ হৈ কাম কাজ কৰি যাব বুলি পত্ৰটােত উল্লেখ কৰে বৰাই।