fbpx
অসম

সফলতাৰ ক্ষেত্ৰত হিমন্ত চৰকাৰক কিমান নম্বৰ দিলে সাংসদ আব্দুল খালেকে?

১০ মে’ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পালন কৰিব প্ৰথম বৰ্ষপূৰ্তি।

যোৱা এবছৰত চৰকাৰ খন কিমান সফল সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ আব্দুল খালেকে।

তেওঁ কয়- আগৰ চৰকাৰখনো হিমন্ত বিশ্ব শৰ্মাইয়ে চলাইছিল। নামতহে মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল। কামত কিন্তু হিমন্ত বিশ্ব শৰ্মাই চলাইছিল। ৬ বছৰ ধৰি হিমন্ত বিশ্বৰে চৰকাৰ চলি আছে। মই ভাৱো এইখন ফাকি ফুকাৰ চৰকাৰ। তেওঁলোকে কথা বেছি কয়, কাম নকৰে।

লগতে তেওঁ সফলতাৰ ক্ষেত্ৰত হিমন্ত চৰকাৰক ১০ৰ ভিতৰত মাত্ৰ ২ নম্বৰ দিয়ে।

আনহাতে ঘৃণা বিয়পোৱাৰ ক্ষেত্ৰত ১০ ৰ ভিতৰত ৮ ত কৈ অধিক নম্বৰ আৰু মুখ্যমন্ত্ৰীয়ে দায়িত্বহীন মন্তব্য কৰাৰ ক্ষেত্ৰত ৯ তকৈ অধিক নম্বৰ দিব লাগিব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে।

এইখন এখন একক চৰকাৰ বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!