fbpx
অসমীয়াআন্তঃৰাষ্ট্ৰীয়

সপোন যেন বাস্তৱ! আকাশমাৰ্গত মাতৃ-কন্যাৰ যুটীয়ে ৰচিলে ইতিহাস…

নিউজ ডেস্কঃ এক সপোন সপোন লগা বাস্তৱ! মাতৃ এগৰাকী পাইলট। বিগত ১৮ বছৰে মাতৃয়ে আমেৰিকাৰ চাউথৱেষ্ট এয়াৰলাইনৰ সৈতে পাইলট হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। এতিয়া মাতৃৰ পদাংক অনুসৰণ কৰি কন্যাও হ’ল পাইলট। তাৰ পিছতে আকাশ মাৰ্গত ইতিহাস ৰচনা কৰি একেলগে বিমান উৰুৱাই এক দীৰ্ঘদিনীয় সপোনক বাস্তৱায়িত কৰিলে মাতৃ-কন্যাই।

ইতিমধ্যে ভাইৰেল হৈ পৰিছে পাইলট মাতৃ-কন্যাৰ ভিডিঅ’। আমেৰিকান নাগৰিক হোলী পেটিট আৰু তেওঁৰ কিশোৰী কন্যা কিলি পেটিটে শেহতীয়াকৈ পাইলটৰূপে একেলগে উৰুৱায় বিমান। ডেনভাৰৰ পৰা আমেৰিকাৰ (আমেৰিকা) ছেইণ্ট লুইছলৈ মাতৃ-কন্যাই একেলগে উৰুৱায় চাউথৱেষ্ট এয়াৰলাইন্সৰ বিমান।

ইতিহাসৰ প্ৰথমবাৰ এনেদৰে একেলগে বিমান উৰুৱায় মাতৃ-কন্যাৰ যুটিয়ে। বিমানখনৰ কেপ্টেইন আছিল মাতৃ হোলী পেটিট। কো পাইলট আছিল কন্যা কিলি।

এনে এটা সপোন পূৰণ কৰাৰ আনন্দত হোলীয়ে ক’লে, “এটা সপোন আজি বাস্তৱায়িত হৈছে। প্ৰথমে মই মোৰ কেৰিয়াৰৰ সন্ধান লাভ কৰি তাৰ প্ৰেমত পৰিছিলো। আৰু তাৰ পিছত মোৰ কন্যা কিলিয়েও একেটা কেৰিয়াৰৰ প্ৰেমত পৰিল। এয়া এক বিমূৰ্ত পৰিঘটনাৰ দৰে।”

ইতিমধ্যে বিমান সংস্থাটোৱে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। য’ত লিখা হৈছে- “আমি এটা ইতিহাসৰ সাক্ষী হৈছো। ডেউকা মেলাৰ বাবে কিলিলৈ অভিনন্দন। আৰু মাতৃৰ সৈতে একেলগে বিমান উৰুৱাই ইতিহাস ৰচনা কৰাৰ বাবেও অভিনন্দন।’’

ভিডিঅ’টোৰ আৰম্ভণিতে বিমানত শুনা যায় হোলী পেটিটৰ কণ্ঠ। তেওঁ কয়, “ধন্যবাদ সকলোকে। আজি আমাৰ বাবে আৰু চাউথইষ্টাৰ্ণ এয়াৰলাইন্সৰ বাবে এক অতি ৰোমাঞ্চকৰ দিন। এটা বিশেষ দিন। আমি প্ৰথম মাতৃ-কন্যাৰ যুটি যিয়ে চাউথইষ্টাৰ্ণ এয়াৰলাইন্সৰ বাবে উৰা মাৰিছো।”

সামাজিক মাধ্যমত ইতিমধ্যে দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে মাতৃ-কন্যাৰ এই ভিডিঅ’।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!