সপোন পূৰণ নহ’ল প্ৰাৰ্থনা-বিতোপনৰ, মৃত প্ৰেয়সীৰ কপালত সেন্দুৰ পিন্ধাই অন্তিম বিদায় জনালে প্ৰেমিকে…

এবুকু আশা লৈ দুয়োৱে সপোন দেখিছিল এখন সুখৰ সংসাৰ গঢ়াৰ।

কিন্তু নিষ্ঠুৰ নিয়তিয়ে চাৰখাৰ কৰিলে প্ৰাৰ্থনা-বিতোপনৰ সপোনৰ ঘৰখন।

প্ৰেমিক বিতোপনৰ জীৱন উকা কৰি আশাবোৰ বুকুত বান্ধি উভতি নহাৰ বাটেৰে এক অজান দেশলৈ গুচি গ’ল প্ৰেমিকা প্ৰাৰ্থনা।

কিন্তু প্ৰেমিকা প্ৰাৰ্থনাৰ দিয়া প্ৰতিশ্ৰুতি মৃত্যুৰ পিছতো যেন পালন কৰিলে প্ৰেমিক বিতোপনে।

মৃত প্ৰেয়সীৰ কপালত সেন্দুৰ পিন্ধাই অন্তিম বিদায় জনালে প্ৰেমিক বিতোপনে।

photo 2022 11 19 11 49 00
সপোন পূৰণ নহ’ল প্ৰাৰ্থনা-বিতোপনৰ, মৃত প্ৰেয়সীৰ কপালত সেন্দুৰ পিন্ধাই অন্তিম বিদায় জনালে প্ৰেমিকে... 2

শুকুৰবাৰে ৰহাৰ চাপৰমুখৰ কচুৱাত সংঘটিত হৈছে অন্তৰ আত্মা কঁপাই যোৱা এই ঘটনা।

প্ৰেম কিমান গভীৰ আৰু পৱিত্ৰ হ’লে এনেদৰে প্ৰেয়সীক অন্তিম বিদায় জনাব পাৰে প্ৰেমিকে তাৰ উদাহৰণ দাঙি ধৰিলে বিতোপনে।

ৰহাৰ চাপৰমুখৰ সংঘটিত অমৰ প্ৰেমৰ এই কৰুণ দৃশ্যই চকু সেমেকাই তুলিছে সকোলেৰে।

জানিব পৰা মতে, প্ৰেমিকা প্ৰাৰ্থনা বৰাৰ ঘৰ আছিল চাপৰমুখ কচুৱাত। এক জটিল ৰোগত আক্ৰান্ত হৈছিল প্ৰাৰ্থনা। যাৰ ফলত শুক্ৰবাৰে প্ৰাৰ্থনাই প্ৰেমিক বিতোপনক এৰি চিৰদিনৰ বাবে এই সংসাৰৰ পৰা বিদায় ল’লে।

মৃত্যুৰ পিছতে প্ৰাৰ্থনাৰ ঘৰত উপস্থিত হ’ল প্ৰেমিক বিতোপন তামুলী। প্ৰাৰ্থনা জীয়াই থাকোতে দুয়ো মিলি দেখা সপোন পূৰণ কৰিলে বিতোপনে। নিথৰ দেহৰ কাষত বহি বিতোপনে প্ৰাৰ্থনাৰ কপালত পিন্ধাই দিলে সেন্দুৰ। প্ৰাৰ্থনাৰ ডিঙিত পিন্ধাই দিলে মালা।

লগতে প্ৰাৰ্থনাৰ মৃতদেহৰ সন্মুখতে নিজেও পিন্ধি ল’লে মালা।

চিনেমাৰ কাহিনীৰ দৰে লগা এই বাস্তৱ ঘটনাই হৃদয় কঁপাই তুলিছে সকলোৰে। ভিডিঅ’ দেখা মাত্ৰকে চকুলো নিগৰিছে সকলোৰে।