fbpx
অসম

সপোন পূৰণ নহ’ল! নিযুক্তি পৰীক্ষা দিবলৈ গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মেধাবী ছাত্ৰ ছানোৱাৰে…

এক অতি মৰ্মান্তিক পথ দুৰ্ঘটনা।

ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষা দিবলৈ গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী মেধাবী ছাত্ৰই।

দেওবাৰে অনুস্থিত হোৱা স্বাস্থ্য বিভাগৰ নিযুক্তি পৰীক্ষা দিবলৈ গৈ দুৰ্ঘটনাত পতিত ছানোৱাৰ হুছেইন নামৰ এগৰাকী ছাত্ৰই।

তেজপুৰলৈ পৰীক্ষা দিবলৈ গৈ থকা অৱস্থাতে দলগাঁওত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো।

মালবাহী ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱাই পালচাৰ বাইক আৰোহী ছানোৱাৰ হুছেইন নামৰ ছাত্ৰজন।

নিহত ছানোৱাৰ হুছেইনৰ ঘৰ দৰঙৰ খাৰুপেটীয়াৰ বৰঙাবাৰীত বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ WB 65 C5472 আৰু পালচাৰখনৰ নম্বৰ AS 13 L4127।

ঘটনাস্থলীত দলগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ মঙলদৈ অসমাৰিক চিকিৎসালয়ৈ প্ৰেৰণ কৰে।

মৃত যুৱকজন খাৰুপেটীয়া মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ চূড়ান্ত ষান্মাসিকত অধ্যয়নৰত আছিল।

Related Articles

Back to top button