সপোন দেখিলেই নহয়, তাক বাস্তৱ কৰিবলৈ লাগিব কঠোৰ পৰিশ্ৰম! ৰঙিয়াত সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰ জিঅ’চি ৰাণাপ্ৰতাপ কলিতা…

নিউজ ডেস্কঃ কেৱল সপোন দেখিলেই নহয়, সেই সপোন বাস্তৱলৈ ৰূপান্তৰিত কৰিবলৈ কৰিব লাগিব কঠোৰ পৰিশ্ৰম। -এই মন্তব্য ইষ্টার্ন কমাণ্ডৰ জি অ’ চি তথা ৰঙিয়াৰ সু সন্তান ৰাণাপ্রতাপ কলিতাৰ।

ৰঙিয়াৰ ঐতিহ্যমণ্ডিত দক্ষিণ-পশ্চিম ৰঙিয়া ৰাস মহোৎসৱ উদ্‌যাপন সমিতিৰ উদ্যোগত ম’ইখলি গাঁৱত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত অংশগ্রহণ কৰি এই মন্তব্য কৰে ইষ্টার্ন কমাণ্ডৰ জি অ’ চি ৰাণাপ্ৰতাপ কলিতাই।

image 61
সপোন দেখিলেই নহয়, তাক বাস্তৱ কৰিবলৈ লাগিব কঠোৰ পৰিশ্ৰম! ৰঙিয়াত সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰ জিঅ’চি ৰাণাপ্ৰতাপ কলিতা… 4

নিজৰ জন্মভূমিত উপস্থিত হোৱাৰ অনুভৱ ব্যক্ত কৰি সেনা বিষয়াগৰাকীয়ে কয় যে তেওঁৰ ঘৰত কোনো সেনা বিষয়া নাছিল।

কিন্তু শৈশৱতে লক্ষ্য সন্মুখত ৰাখি কৰা কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ বলতেই তেওঁ আজি এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে ৰাণাপ্ৰতাপ কলিতাই।

image 62
সপোন দেখিলেই নহয়, তাক বাস্তৱ কৰিবলৈ লাগিব কঠোৰ পৰিশ্ৰম! ৰঙিয়াত সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰ জিঅ’চি ৰাণাপ্ৰতাপ কলিতা… 5

বিশিষ্ট সমাজকর্মী বিনন্দী কলিতাই সভাপতিত্ব কৰা সম্বর্ধনা সভাত সেনা বিষয়াগৰাকীয়ে গাঁওবাসীৰ মৰম আৰু আশীৰ্বাদৰ বাবেই আজি এনে ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ল বুলি উল্লেখ কৰি কয় যে তাৰ প্ৰতিদানস্বৰূপে এতিয়া তেওঁ নতুন প্ৰজন্মৰ বাবে কাম কৰিবলৈ উদগ্রীর হৈ আছে।

ভাষণ প্ৰসংগত তেওঁ ম’ইখলি, দহৰা গাঁৱত কটোৱা দিনবোৰৰ কথাও উল্লেখ কৰে। কলিতাই কয় যে তেওঁ যেতিয়া নিজৰ গাঁৱলৈ আহে তেতিয়াই সেই দিনবোৰৰ স্মৃতিয়ে হেঁচা মাৰি ধৰে।

image 63
সপোন দেখিলেই নহয়, তাক বাস্তৱ কৰিবলৈ লাগিব কঠোৰ পৰিশ্ৰম! ৰঙিয়াত সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰ জিঅ’চি ৰাণাপ্ৰতাপ কলিতা… 6

মুকেশ লহকৰে আঁত ধৰা অনুষ্ঠানত দক্ষিণ-পশ্চিম ৰঙিয়া আঞ্চলিক হৰিমন্দিৰ সমিতি, পূব ৰঙিয়া জগদ্ধাত্রী পূজা সমিতি, হৰদত্ত-বীৰদত্ত হাইস্কুল, দক্ষিণ-পশ্চিম ৰঙিয়া ৰাস মহোৎসৱ সমিতি, ৰণদিয়া (শতদল) সাহিত্য সভা, সংগীত গ্রুপ অব্ ক্রিয়েচন আদি অনুষ্ঠানে সেনা বিষয়াজনক সম্বর্ধনা জনায়।