সপোনত ভগৱান শ্ৰীকৃষ্ণক দেখাৰ পিছতে মুছলমান ব্যক্তিয়ে নিৰ্মাণ কৰিলে বিশাল মন্দিৰ

নিউজ ডেস্ক। একাংশ লোকে বৰ্তমান সময়ত হিন্দু-মুছলমানৰ ৰাজনীতিৰে দেশক দুভাগত বিভক্ত কৰাৰ চেষ্টা চলাই আছে। কিন্তু তাৰ পিছতো সম্প্ৰীতিৰ এই দেশত ধৰ্মীয় বিভেদ পাহৰি ভাতৃত্ববোধেৰে জীয়াই থাকিব খোজে গৰিষ্ঠসংখ্যক লোকে।

সম্প্ৰীতিৰ এনে নিদৰ্শন দাঙি ধৰিলে ঝাৰখণ্ডৰ এগৰাকী মুছলমান ধৰ্মাৱলম্বী লোক।

ডুমকাৰ নিবাসী নৌশাদ শ্বেখ নামৰ এজন মুছলমান ব্যক্তিয়ে ভগৱান শ্ৰীকৃষ্ণৰ এক বিশাল মন্দিৰ নিৰ্মাণ কৰি শক্তিশালী কৰিছে হিন্দু-মুছলমানৰ একতাৰ এনাজৰিডাল।

1
সপোনত ভগৱান শ্ৰীকৃষ্ণক দেখাৰ পিছতে মুছলমান ব্যক্তিয়ে নিৰ্মাণ কৰিলে বিশাল মন্দিৰ 4

প্ৰায় ৪০ লাখ টকা ব্যয়ৰে নৌশাদ শ্বেখে নিৰ্মান কৰা মন্দিৰটোৰ নির্মাণকাৰ্য অন্তিম পৰ্যায়ত উপনীত হৈছে। এই মন্দিৰটোত মহাভাৰত যুগৰ অৰ্জুনৰ সাৰথি ৰূপত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰক্ষক হনুমানৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।

55 1
সপোনত ভগৱান শ্ৰীকৃষ্ণক দেখাৰ পিছতে মুছলমান ব্যক্তিয়ে নিৰ্মাণ কৰিলে বিশাল মন্দিৰ 5

নৌশাদ শ্বেখে জনোৱা মতে, তেওঁ ২০১৯ চনত বংগৰ মায়াপুৰ ভ্ৰমণ কৰিবলৈ গৈছিল। তাতেই ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ সপোনলৈ আহে আৰু কয় যে তুমি মোক ক’ত বিচাৰি আছা, মই তোমাৰ অঞ্চলতে আছোঁ।

1 2 2
সপোনত ভগৱান শ্ৰীকৃষ্ণক দেখাৰ পিছতে মুছলমান ব্যক্তিয়ে নিৰ্মাণ কৰিলে বিশাল মন্দিৰ 6

এইকথা শুনি নৌশাদ তাৰ পৰা উভতি আহি ৰাণীশ্বৰ খণ্ডৰ মহিষাবথান গাঁৱত এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে।

নৌশাদে কয় যে পূৰ্বে তেওঁৰ গাঁওখনত মুকলি আকাশৰ তলত ভগৱানৰ পূজা কৰা হৈছিল। সৰ্বধৰ্মত বিশ্বাসী নৌশাদৰ দৰে অঞ্চলটোৰ আন বহু ইছলাম ধৰ্মাৱলম্বী লোকেও অঞ্চলটোত হিন্দু পূজাক সন্মান জনাই ভগৱান শ্ৰীকৃষ্ণৰ উপাসনা কৰি আহিছে।

তেওঁলোকৰ মতে ঈশ্বৰ এজনেই। মাথোঁ বেলেগ বেলেগ ৰূপেৰে সকলোকে সত্যৰ বাট দেখুৱায়। এজন ইছলাম ধৰ্মাৱলম্বী হৈও বিশাল কৃষ্ণমন্দিৰ নিৰ্মান কৰা নৌশাদ এতিয়া অঞ্চলটোৰ লগতে সমগ্ৰ দেশবাসীৰ বাবে চৰ্চিত হৈ পৰিছে।

Leave a Comment