
নিউজ ডেস্কঃ পোহনীয়া জীৱ জন্তুৰ প্ৰতি প্ৰত্যেক মানুহৰে থাকে অপৰিসীম মৰম। সময় পাৰ হৈ যোৱাৰ লগে লগেই তেওঁলোক যেন হৈ পৰে পৰিয়ালৰে এজন। কৰ্ণাটকৰ টুমকুৰৰ এটা পৰিয়ালৰ বাবেও তেওঁলোকৰ পোহনীয়া ভাটৌটো আছিল পৰিয়ালৰে এজন সদস্যৰ দৰে।
কিন্তু হঠাতে নোহোৱা হয় তেওঁলোকৰ অতি মৰমৰ পোহনীয়া আফ্ৰিকান প্ৰজাতিৰ ভাটৌটো। সোমবাৰে নিৰুদ্দেশ হোৱা তেওঁলোকৰ এই পোহনীয়া ভাটোটোৰ সন্ধান দিয়া লোকলৈ আৰ্থিক পুৰষ্কাৰ ঘোষণা কৰিছে পৰিয়ালটোৱে।

ভাটৌটো বিচাৰি উলিওৱাত সহায় কৰিব পৰা যিকোনো লোকৰ বাবে ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে পৰিয়ালটোৱে। পৰিয়ালটোৰ লোকসকলে মৰমেৰে ‘ৰুষ্টুমা’ বুলি মতা এই আফ্ৰিকান ভাটৌটো দেওবাৰে সন্ধিয়া উৰি গৈছিল।
পৰিয়ালটোৱে নিৰুদ্দেশ হোৱা চৰাইটোৰ অৱস্থান প্ৰদান কৰিব পৰা যিকোনো ব্যক্তিৰ বাবে ৫০ হাজাৰ টকাৰ পুৰস্কাৰৰ প্ৰতিশ্ৰুতি দি এখন বেনাৰো লগাইছে।
পৰিয়ালটোৰ দুটা আফ্ৰিকান ভাটৌ আছিল আৰু তেওঁলোকে পোহনীয়া চৰাইকেইটাৰ প্ৰতি বছৰে জন্মদিন উদযাপন কৰিছিল। এতিয়া বিজ্ঞাপন আৰু পুৰষ্কাৰৰ ধনে স্থানীয় লোকসকলৰ মাজত ব্যাপক মনোযোগ আৰু কৌতূহল আকৰ্ষণ কৰিছে।