সন্ধানহীন পোহনীয়া ভাটৌ বিচাৰি দি ৮৫ হাজাৰ টকাৰ পুৰস্কাৰ লাভ কৰিলে এজন ব্যক্তিয়ে

নিউজ ডেস্কঃ সন্ধানহীন হৈ থকা নিজৰ পোহনীয়া ভাটৌ চৰাইটি বিচাৰি দিয়া জনক ৫০ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদানৰ ঘোষণা কৰিছিল এটা পৰিয়ালে। কিন্তু এজন ব্যক্তিয়ে সেই ভাটৌটো বিচাৰি দিয়াৰ আনন্দত পূৰ্বে ঘোষণা কৰা পুৰস্কাৰতকৈও ৩৫ হাজাৰ টকা বেছিকৈ অৰ্থাৎ ৮৫ হাজাৰ টকা উপহাৰ দিলে পৰিয়ালটোৱে।

উল্লেখ্য যে, যোৱা ১৬ জুলাইত সন্ধানহীন হৈছিল কৰ্ণাটকৰ টুমাকুৰুৰ এটা পৰিয়ালৰ ‘ৰুস্তম’ নামৰ পোহনীয়া ভাটৌ চৰাইটো। যোৱা দুটা বছৰে পৰিয়ালৰ সৈতে থাকি পৰিয়ালৰ এজন সদস্যৰ দৰেই হৈ পৰা ভাটৌটো উৰি যোৱাৰ পিছতে শোকত ভাগি পৰিছিল পৰিয়ালটো। যাৰ বাবে তেওঁলোকে ভাটৌটো বিচাৰি দিয়া জনক ৫০ হাজাৰ টকা প্ৰদানৰ ঘোষণা কৰিছিল।

image 238
সন্ধানহীন পোহনীয়া ভাটৌ বিচাৰি দি ৮৫ হাজাৰ টকাৰ পুৰস্কাৰ লাভ কৰিলে এজন ব্যক্তিয়ে 3

ইয়াৰ পিছতে পৰিয়ালটোৰ ঘৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগত শ্ৰীনিৱাস নামৰ এজন ব্যক্তিয়ে উদ্ধাৰ কৰে আফ্ৰিকান প্ৰজাতিৰ ভাটৌ চৰাইটি। ব্যক্তিজনে যেতিয়া জানিব পাৰিলে যে ভাটৌটোৰ গৰাকীয়ে তাক বিচাৰি আছে, তেতিয়াও তেওঁ চৰাইটি লৈ পৰিয়ালটোৰ কাষত উপস্থিত হয়।

image 239
সন্ধানহীন পোহনীয়া ভাটৌ বিচাৰি দি ৮৫ হাজাৰ টকাৰ পুৰস্কাৰ লাভ কৰিলে এজন ব্যক্তিয়ে 4

শ্ৰীনিৱাসে জানিবলৈ দিয়া মতে, যি সময়ত তেওঁ ভাটৌটো উদ্ধাৰ কৰিছিল, সেই সময়ত ভয় আৰু ভোকত আছিল ভাটৌটোক। উদ্ধাৰৰ পিছতে তেওঁ চৰাইটিক আহাৰ খুৱায়।

ইফালে হেৰুওৱা চৰাইটি পুনৰ ওভতাই পাই আনন্দত আত্মহাৰা হৈ পৰে ভাটৌটোৰ গৰাকী অৰ্জুন আৰু তেওঁৰ পৰিয়াল। সেই আনন্দতে তেওঁ চৰাইটিক বিচাৰি দিয়া ব্যক্তিজনক ৮৫ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰে।