অসম
সন্দেহযুক্ত উগ্ৰপন্থীৰে সেনা-আৰক্ষীৰ ভয়ংকৰ সংঘৰ্ষ, অভিযান অব্যাহত…

তিনিচুকীয়াৰ পেঙেৰীত ভয়ংকৰ সংঘৰ্ষ।
সন্দেহযুক্ত আলফা (স্বাঃ)ৰে সেনা-আৰক্ষীৰ গুলীয়াগুলীৰ ঘটনা।
জানিব পৰা মতে পুৱা প্ৰায় ৯ মান বজাত ডিগবৈ-পেঙেৰী সংযোগী ফাচীদলঙত এই ঘটনা সংঘটিত হৈছে।
গাৰোৱাল ৰেজিমেণ্টৰ দলৰ সৈতে সন্দেহযুক্ত আলফাৰ গুলীয়াগুলীয়া হৈছে।
প্ৰথমে সেনাৰ বিস্ফোৰণ তাৰ পিছত দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হয়।
ইয়াৰ পিছতেই পেঙেৰি-ডিগবৈ সংযোগী পথটো বন্ধ কৰি দিয়ে প্ৰশাসনে।
দৰাচলতে সেনাই পেঙেৰি বনাঞ্চলত ৫ জনীয়া সন্দেহযুক্ত আলফাৰ সদস্যৰ এটা দল বাহৰ পাতি থকাৰ কথা গম পাই অভিযান চলাইছিল।
ইতিমধ্যে তিনিচুকীয়াৰ এটা বৃহৎ দল সেই স্থানলৈ ৰাওনা হৈছে।
সেই অঞ্চলটোলৈ যাতে কোনো স্থানীয় লোক যাব নোৱাৰে তাৰ বাবে নিৰিপত্তাৰ বেষ্টনি গঢ়ি তোলা হৈছে।