সন্দিকৈ কলেজৰ পৰা বামুণীমৈদামলৈকে নিৰ্মাণ হ’ব ৬ কিলোমিটাৰ উৰণীয়া সেতুঃ মুখ্যমন্ত্ৰী

শুকুৰবাৰে গুৱাহাটীস্থিত আৰ্য নগৰৰ উৰণীয়া সেতু উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি শৰ্মাই কয় যে মালিগাঁও উৰণীয়া সেতু খন প্রায় ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু ব’হাগ বিহুৰ পূৰ্বেই সেতুখন মুকলি কৰিব পাৰিম বুলি আশাবাদী।

বিহুত নহ’লেও ২০২৩ চনৰ দুৰ্গা পূজাত মালিগাঁও উৰণীয়া সেতু মুকলি হোৱাটো নিশ্চিত। ২০২৪ চনৰ ব’হাগ বিহুৰ পূৰ্বে জুৰোড উৰণীয়া সেতু মুকলিৰ লক্ষ্য লোৱা হৈছে।

গুৱাহাটীৰ আৰ্যনগৰৰ উৰণীয়া সেতু মুকলি অনুষ্ঠানত এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে লগতে কয়, সন্দিকৈ মহাবিদ্যালয়ৰ পৰা বামুণীমৈদামলৈ ৬ কিলোমিটাৰৰ উৰণীয়া সেঁতু নিৰ্মাণ হ’ব। মালিগাঁও, জু-ৰোডৰ উৰণীয়া সেতুৰ কাম শেষ হ’লেই এই কাম আৰম্ভ হ’ব।

চাইকেল ফেক্টৰীত নিৰ্মাণ হ’ব এখন উৰণীয়া সেঁতু। ২০২৩ চনৰ আগভাগত পলাশবাৰী–শুৱালকুছি সংযোগী ব্ৰহ্মপুত্ৰৰ নতুন দলং নিৰ্মাণ কাম আৰম্ভ হ’ব। বাইহাটাৰ পৰা কুৰুৱা হৈ এক ৰিং ৰোডৰ নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে। খানাপাৰাৰ পৰা বিমানবন্দৰলৈ এক ৰোপৱে নিৰ্মাণ লক্ষ্য চৰকাৰৰ।

আনহাতে, পূজাৰ নামত চান্দাক লৈ মুখ্যমন্ত্ৰীয়ে কয়, সৰু সৰু ব্যৱসায়ীক চান্দাৰ নামত হাৰাশাস্তি নকৰিব। অসমীয়া লোকৰ বিৰুদ্ধে বদনাম আছে আনৰ টকাৰে বিহু পতা বুলি। দুৰ্গা পূজা নিজৰ টকাৰে হ’ব লাগে, আনৰ টকাৰে হ’ব নালাগে।