অসম

সন্দিকৈ কলেজক মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন ঘোষণা…

সন্দিকৈ কলেজক মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন ঘোষণা।

৭ দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ ছোৱালী মহাবিদ্যালয়।

কেৱল বন্ধ কৰাই নহয় মহাবিদ্যালয়খনক ঘোষণা কৰা হ’ল মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন হিচাপে।

মহাবিদ্যালয়খনৰ কেইবাগৰাকীও অধ্যাপকৰ লগতে শিক্ষাৰ্থী কৰ’ণাত আক্ৰান্ত হোৱাৰ বাবে মহাবিদ্যালয়খন বন্ধ কৰাৰ লগতে মহানগৰ প্ৰশাসনে মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।

মহাবিদ্যালয়খনৰ কেইবাগৰাকীও অধ্যাপক, শিক্ষাৰ্থী কোৰানাত আক্ৰান্ত হোৱাৰ বাবে আগন্তুক ৭ ডিচেম্বৰলৈ বন্ধ ঘোষণা কৰা হৈছে মহাবিদ্যালয়খন। এই সময়ছোৱাত বন্ধ থাকিব পাঠদান।

উল্লেখ্য যে কৰ’ণাৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ।

কৰ’ণা সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ শিক্ষানুষ্ঠান খুলি দিয়া হৈছিল যদিও বহু কেইখন শিক্ষানুষ্ঠানৰ শিক্ষক, শিক্ষাৰ্থীৰ দেহত কৰ’ণা সংক্ৰমণ হোৱাৰ বাবে পুনৰ পাঠদান বন্ধ কৰিবলগীয়া হৈছে।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button