সন্ত কালিচৰণ মহাৰাজক গ্ৰেপ্তাৰ, জাতিৰ পিতাক লৈ কৰিছিল অপত্তিজনক মন্তব্য

নিউজ ডেস্ক। ধৰ্ম সংসদত মহাত্মা গান্ধীৰ ওপৰত অসন্মানজনক মন্তব্য কৰা সন্ত কালিচৰণক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে, কালিচৰণক পূৰ্বে ছত্তীশগড় আৰক্ষীয়ে পলাতক বুলি ঘোষণা কৰিছিল যদিও খবৰ অনুসৰি, তেওঁক ৰায়পুৰ আৰক্ষীয়ে খাজুৰাহোৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

অভিযুক্ত কালিচৰণক বৰ্তমান ৰায়পুৰলৈ অনাৰ ব্যৱস্থা লৈছে আৰক্ষীয়ে।

FHo-DKHr-UYAADB3-V

প্ৰণিধানযোগ্য যে, মহাত্মা গান্ধীৰ ওপৰত অসন্মানজনক মন্তব্য কৰাৰ বাবে ৰায়পুৰকে ধৰি দেশৰ কেইবাটাও ঠাইত কালিচৰণ মহাৰাজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

আনহাতে, বুধবাৰে সন্ধিয়া আৰক্ষীয়ে প্ৰকাশ কৰে যে কালিচৰনে ৰায়পুৰৰ পৰা পলায়ন কৰিছে। যাৰ পিছত ৰায়পুৰ আৰক্ষীয়ে মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশত অভিযুক্তজনৰ সন্ধানত অভিযান আৰম্ভ কৰে আৰু অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ৰায়পুৰৰ এছ পি প্ৰশান্ত আগৰৱালে জানিবলৈ দিয়া মতে, কালিচৰণ মহাৰাজ খাজুৰাহোৰ পৰা ২৫ কিলোমিটাৰ দূৰত অৱস্থিত বাগেশ্বৰ ধামৰ এটা ভাড়াঘৰত আত্মগোপন কৰি আছিল।

এই খবৰ লাভ কৰাৰ পিছতে ৰায়পুৰ আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰে পুৱা ৪ বজাত অভিযুক্ত জনক গ্ৰেপ্তাৰ কৰে। ইফালে সন্ধিয়াৰ ভিতৰত ধৃত কালিচৰণক ৰায়পুৰলৈ লৈ যাব আৰক্ষীয়ে।

জানিব পৰা মতে, ৰায়পুৰত কালিচৰণ মহাৰাজৰ বিৰুদ্ধে ধাৰা ৫০৫ (২) আৰু ধাৰা ২৯৪ ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। ৰায়পুৰৰ প্ৰাক্তন মেয়ৰ আৰু বৰ্তমানৰ অধ্যক্ষ প্ৰমোদ ডুবেয়ে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

উল্লেখ্য যে, কালিচৰণ মহাৰাজে ৰায়পুৰৰ ধৰ্ম সংসদত জাতিৰ পিতা মহাত্মা গান্ধীক লৈ অভদ্ৰ মন্তব্য কৰাই নহয়, তেওঁৰ বিৰুদ্ধে অশ্লীল ভাষাৰো প্ৰয়োগ কৰিছিল।

FH01g69-UUAMg3-WT

সন্তজনৰ এনে মন্তব্যৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

আনকি ধৰ্ম সংসদেও কালিচৰণৰ এনে মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে। স্বাধীনতাৰ সেনানী, জাতিৰ পিতা মহাত্মা গান্ধীক কৰা এনে দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে সমগ্ৰ দেশ।

Leave a Comment