নিউজ ডেস্কঃ ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে নিযুক্তি সদ্যপ্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তক।
বৰ্তমানৰ মুখ্য তথ্য আয়ুক্ত ড০ অজিত প্ৰসাদ ৰাউটৰ কাৰ্যকালৰ অন্ত পৰাৰ পিছতে নতুন দায়িত্ব আইপিএছ ভাস্কৰজ্যোতি মহন্তক।
উল্লেখ্য যে, যোৱা ৩১ জানুৱাৰীত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ভাস্কৰজ্যোতি মহন্তই।
ৰাজ্যৰ নতুন মুখ্য তথ্য আয়ুক্ত হিচাপে ভাস্কৰজ্যোতি মহন্তৰ উপৰিও চৰ্চালৈ আহিছিল প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আইপিএছ মুকেশ আগৰৱালাৰ নামো।