সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু AAMSUৰ…

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা।

ছ’চিয়েল মিডিয়াত হজৰত মহম্মদক লৈ বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত সত্যৰঞ্জৰ বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আমছুৱে।

সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে লতাশিল থানাত গোচৰ ৰুজু কৰিছে আমছুৱে।

আমছুৰ সাধাৰণ সম্পাদক মহম্মদ ইমতিয়াজ হুচেইনে ৰুজু কৰে গোচৰ।

আমছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয়- শ্বেৰমান আলীতকৈও অতি সাম্প্ৰদায়িক মন্তব্য কৰিছে সত্যৰঞ্জন বৰাই। শীঘ্ৰেই সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰক।

লগতে সত্যৰঞ্জন বৰাৰ শেহতীয়া ফেচবুক প’ষ্টে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে বুলিউদ্বেগ প্ৰকাশ কৰে সম্পাদক গৰাকীয়ে।

ইপিনে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোলাঘাট সদৰ আৰক্ষী থানাতো গোচৰ ৰুজু কৰিছে আমছুৱে।

গোলাঘাট জিলা আমছুৱে অসমৰ সাতামপুৰুষীয়া শান্তি-সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা তথা ভাতৃ ঘাটি সংঘৰ্ষক উচটনি দিয়াৰ অভিযোগ তুলি সত্যৰঞ্জণ বৰাৰ বিৰুদ্ধে সদৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে।

লগতে আমছুৱে ২৪ ঘন্টাৰ ভিতৰত সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰাৰ বাবে অসম আৰক্ষীক দাবী জনাই।

উল্লেখযোগ্য যে, সত্যৰঞ্জন বৰাই সামাজিক মাধ্যমত হজৰতক ডকাইত আখ্যা দিয়াৰ লগতে ইছলাম ধৰ্মীয় লোক সকলৰ বিৰুদ্ধে কটু মন্তব্য প্ৰকাশ কৰিছিল

Leave a Comment