সক্ৰিয় ৰাজনীতিত ভৰি দিলে প্ৰশান্ত কিশোৰে, ঘোষণা কৰিলে নিজৰ ৰাজনৈতিক দলৰ নাম

নিউজ ডেস্কঃ অন্ত পৰিল সমস্ত জল্পনা-কল্পনাৰ। প্ৰত্যক্ষ ৰাজনীতিত ভৰি দিলে দেশৰ সফল ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে। পূৰ্বে ঘোষণা কৰা অনুসৰি সোমবাৰে নিৰ্দিষ্ট সময়ত তেওঁ টুইট কৰি ঘোষণা কৰিলে নিজৰ দলৰ নাম।

প্ৰশান্ত কিশোৰে তেওঁৰ নতুন ৰাজনৈতিক দলৰ নাম ৰাখিছে ‘জন সূৰজ’। বিহাৰৰ পৰা দলটোৰ কাম আৰম্ভ কৰাৰ কথাও সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে প্ৰশান্ত কিশোৰে।

উল্লেখ্য যে, এগৰাকী ৰাজনৈতিক ৰণনীতিকাৰ হিচাপে অন্যতম সফল প্ৰশান্ত কিশোৰ। জনসাধাৰণৰ মন বুজি ৰণনীতি প্ৰস্তত কৰি পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল প্ৰশান্ত কিশোৰে। তেনে এগৰাকী সফল ৰাজনীতিবিদে এইবাৰ প্ৰত্যক্ষ ৰাজনীতিত ভৰি দিয়াটো চৰ্চাৰ বিষয় হৈ পৰিছে।

প্ৰশান্ত কিশোৰে ‘জন সূৰজ’ৰ নাম ঘোষণা কৰি কয় যে জনসাধাৰণৰ বাবে ভাল সেৱা আগবঢ়োৱাটোৱে হৈছে তেওঁৰ দলটোৰ অন্যতম আধাৰ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰিববুলি চৰ্চা চলিছিল। কংগ্ৰেছ নেতৃত্বৰ সৈতে কেইবালানি আলোচনাৰ অন্তত অৱশেষত তেওঁ দলটোত যোগদান নকৰাৰ ঘোষণা কৰিছিল। লগতে ইয়াৰো ইংগিত দিছিল যে তেওঁ সক্ৰিয় ৰাজনীতিত ভৰি দিব।

তাৰ পিছতে সোমবাৰে পুৱা, ‘জন সূৰজ’ৰ আগমন ৰাজহুৱা কৰি প্ৰশান্ত কিশোৰে কয় যে ১০ বছৰ ধৰি ভাৰতীয় ৰাজনীতিয়ে যথেষ্ট উত্থান-পতনৰ মাজেৰে পাৰ হৈ আহিছে। কিন্তু কোনেও সেইধৰণে মানুহৰ কাষ চাপিব নোৱাৰিলে। গণতন্ত্ৰৰ প্ৰকৃত অৰ্থ প্ৰকাশ কৰা হোৱা নাই।

বিহাৰৰ সৈতে থকা সুদীৰ্ঘ ৰাজনৈতিক সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ পৰাই তেওঁৰ দলৰ কাম-কাজ আৰম্ভ কৰা হব বুলি মন্তব্য কৰে প্ৰশান্ত কিশোৰে।

Leave a Comment