ৰাষ্ট্ৰীয়
সকাহ! হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য…

বাজেট দাখিলৰ দিনাই ডাঙৰ সকাহ।
হ্ৰাস পালে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য।
ৰাষ্ট্ৰীয় তেল বিপণন কোম্পানীবোৰে ১ ফেব্ৰুৱাৰিৰ পৰা ১৯ কিলোগ্ৰাম বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৯১.৫০ টকা হ্ৰাস কৰিছে।
সেই অনুসৰি আজিৰ পৰা দিল্লীত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’ব ১৯০৭ টকা।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২২ বৰ্ষৰ পহিলা জানুৱাৰিৰ দিনটোতো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১০২ টকা ৫০ পইচা হ্ৰাস কৰিছিল।
কোম্পানীৰ এই পদক্ষেপে ৰেষ্টুৰেণ্ট, হোটেল আৰু চাহৰ দোকান আদিক কিছু সকাহ প্ৰদান কৰিব।
অৱশ্যে, ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য সলনি কৰা হোৱা নাই।