
নিউজ ডেস্কঃ বাণিজ্যিক প্ৰচাৰ চলাবলৈ গৈ নাৰী শক্তিৰ ৰোষত পৰা বিতৰ্কিত পংকজ পাঠকৰ বিৰুদ্ধে থানাই থানাই দাখিল হৈছে এজাহাৰ।
টিএমচিৰ মহিলা সমিতি, ৰাইজৰ দলৰ লগতে বিভিন্ন নাৰী সংগঠনে তথাকথিক আচাৰ্য পংকজ পাঠকৰ গ্ৰেপ্তাৰ দাবী জনাইছে।
এনে সময়তে নিজৰ মন্তব্যক লৈ স্পষ্টীকৰণ প্ৰকাশ কৰিছে পংকজ পাঠকে। তেওঁ সকলো নাৰীক উদ্দেশ্যি তেনে মন্তব্য কৰা নাছিল বুলি স্পষ্ট কৰি দি কয় যে যিসকল নাৰীয়ে স্বামী থকা স্বত্বেও অন্তৰ্বাস পৰিধান কৰি ৰীল ভিডিঅ’ বনাই, তেওঁলোকৰ স্বামীৰ স্বাস্থ্যৰ ভালৰ বাবেহে বান্দৰ কেকোঁৱাৰ গুড়ি খোৱাৰ কথা কৈছিল পংকজ পাঠকে।
একাংশ সংবাদ মাধ্যমে তেওঁৰ মন্তব্য ভুলকৈ ব্যাখ্যা কৰা বুলি মন্তব্য কৰে পংকজ পাঠকে। অৱশ্যে নিজৰ মন্তব্যৰ বাবে ক্ষমা খোজাৰ পৰা বিৰত থাকে পংকজ পাঠক।
উল্লেখ্য যে, একালৰ কম্পিউটাৰ মেকানিক পংকজ পাঠকৰ হঠাৎ আৱিৰ্ভাৱ ঘটিছিল আয়ুৰ্বেদিক চিকিৎসকৰূপে। সকলো ৰোগৰ নিৰাময়ৰ বিধান হিচাপে মেথি গুটি ব্যৱহাৰৰ পৰামৰ্শ দি চৰ্চালৈ অহা পংকজ পাঠকে নিজৰ ব্যৱসায়ৰ প্ৰচাৰ চলাবলৈ গৈ পূৰ্বেও বহু বিতৰ্কৰ সূচনা কৰিছিল।
আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ কাহৰ চিকিৎসাৰ পৰা শেহতীয়াকৈ চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোঁৱাৰ গুড়ি খাবলৈ পৰামৰ্শ দিয়ালৈকে প্ৰায়ে বিতৰ্কিত মন্তব্য কৰি চৰ্চিত হৈ আহিছে পংকজ পাঠক।

কিন্তু এইবাৰ বিতৰ্কটো কিছু পৃথক আছিল। পংকজ পাঠকে নাৰীক লৈ কৰা অপমানজনক মন্তব্যৰ পিছতে ৰাজ্যজুৰি জাঙুৰ খাই উঠিছিল নাৰী সমাজ। ইতিমধ্যে কেইবাখনো জিলাৰ থানাত তথাকথিত আয়ুৰ্বেদিক চিকিৎসকজনৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছে।
আনহাতে ভাৰতত টিকটক এপ বন্ধ হোৱাৰ প্ৰধান কাৰণ অশ্লীলতা বুলি মন্তব্য কৰি পংকজ পাঠকে কয় যে এতিয়া একাংশ মহিলাই অন্তৰ্বাস পিন্ধি ফেচবুক, ইনষ্টাগ্ৰামত অশ্লীল ভিডিঅ’ বনায়।
তেওঁলোকে নিজৰ স্বামীৰ প্ৰেচাৰ, চুগাৰ আদি নিৰাময় কৰিবৰ বাবে সেই বিশেষ ঔষধ বিধৰ কথা কোৱা বুলি মন্তব্য কৰে পংকজ পাঠকে।
লগতে চাওকঃ
পংকজ পাঠকৰ দুঃসাহস! নিজকে তুলনা কৰিলে পৃথিৱীখ্যাত ডা০ ধনীৰাম বৰুৱাৰ সৈতে, শীঘ্ৰেই এৰিব অসম…
