সকলো পৰ্যায়ৰ ক্ৰিকেটৰ পৰা অৱসৰ ল’লে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজ্বলোৱা বেগী বলাৰ আবু নেচিম আহমেদে।
সাতবাৰকৈ ভাৰতীয় জুনিয়ৰ দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লোৱা আবু নেছিম আহমেদে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈৰ হাতত অৰ্পণ কৰে তেওঁৰ অৱসৰ পত্ৰ।
ছ’চিয়েল মিডিয়াযোগে অৱসৰৰ ঘোষণা কৰা ৩৪ বছৰীয়া আবু নেচিমে ২০০৫ চনত মধ্যপ্ৰদেশৰ বিৰুদ্ধে অসমৰ হৈ প্ৰথম শ্ৰেণী ক্ৰিকেটত অভিষেক কৰিছিল।
সাত বছৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএলৰ মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জ বাংগালুৰু দলৰ হৈ খেলিছিল আবু নেছিম আহমেদে।
ৰঞ্জী ট্ৰফী, বিজয় হাজাৰে ট্ৰফী আৰু চৈয়দ মুস্তাক আলী ট্ৰফীত অসম দলক নেতৃত্ব দিয়া আবু নেচিমে প্ৰথম শ্ৰেণী আৰু লিষ্ট এ ক্ৰিকেটত সৰ্বমুঠ ২২৬টা উইকেট দখল কৰিছে।
তেওঁ প্ৰথম শ্ৰেণী ক্ৰিকেটৰ কেৰিয়াৰত ৬৪খন মেচ খেলি ১৬৭টা উইকেট দখল কৰাৰ বিপৰীতে লিষ্ট এ’ত ৫৬খন মেচত ৫৯টা উইকেট দখল কৰিছে।
আনহাতে ৭৫খন টি-২০ মেচত তেওঁ ৭৫টা উইকেট দখল কৰিছিল।
নিজৰ প্ৰতিভাৰ বলত আবু নেচিম আহমেদে ভাৰতীয় ১৯ অনূৰ্ধ্ব দলকো প্ৰতিনিধিত্ব কৰিছিল। ২০০৬ চনত শ্ৰীলংকাত অনুষ্ঠিত ১৯ অনূৰ্ধ্ব বিশ্বকাপৰ ভাৰতীয় দলৰ অংশ আছিল নেচিম।