fbpx
অসমীয়াখেল

সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ পৰা অৱসৰ গ্ৰহণ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজৰ

নিউজ ডেস্কঃ দীঘলীয়া ক্ৰিকেট কেৰিয়াৰ অন্ত পেলাই সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ ঘোষণা কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ টেষ্ট আৰু এদিনীয়া অধিয়ানক মিতালী ৰাজে।

টুইটাৰত তেওঁ তেওঁৰ অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰাৰ পিছতে অনুৰাগীসকল ভাগি পৰা পৰিলক্ষিত হয়।

২৩২ খন খেলত ভাৰতক প্ৰতিনিধিত্ব কৰা মিতালী ৰাজে লিখিছে, ‘মই অনুভৱ কৰোঁ যে এতিয়াই মোৰ খেলৰ কেৰিয়াৰ সামৰণি মাৰিবলৈ নিখুঁত সময়। কাৰণ দলটো কিছুমান অতি প্ৰতিভাৱান যুৱ খেলুৱৈৰ সক্ষম হাতত আছে আৰু ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত উজ্বলি উঠিছে।

উল্লেখ্য যে, মহিলা এদিনীয়াত সৰ্বাধিক ৰানৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে মিতালী ৰাজে। তেওঁ ২০১৭ চনৰ এদিনীয়া বিশ্বকাপৰ সময়ত ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক চাৰ্লট এডৱাৰ্ডছক অতিক্ৰম কৰি এই অভিলেখ ৰচনা কৰে।

৩৯ বছৰীয়া ক্ৰিকেটাৰ গৰাকীয়ে ইতিমধ্যে টি-২০ ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল আৰু মাৰ্চ মাহত ভাৰতৰ এদিনীয়া বিশ্বকাপ অভিযানৰ অন্ত পৰাৰ পিছতে সকলো ফৰ্মেট খেলা বন্ধ কৰাৰ সিদ্ধান্ত আশা কৰা হৈছিল।

ভাৰতীয় অধিনায়কগৰাকীয়ে নিজৰ বিবৃতিত কয় যে “ইমান বছৰ ধৰি দলটোৰ নেতৃত্ব দিয়াটো এক গৌৰৱৰ কথা”। দলটোক নেতৃত্ব দিয়াৰ অভিজ্ঞতাই তেওঁক এগৰাকী ব্যক্তি হিচাপে গঢ় দিয়াত সহায় কৰিছে বুলিও তেওঁ কয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!