fbpx
অসম

সংস্থাপনহীনতা আৰু আলোচনাত বিলম্ব হোৱাৰ বাবেই আলফা(স্বাঃ)লৈ গৈছে একাংশঃ অনুপ চেতিয়া…

শেহতীয়াভাৱে আলফা স্বাধীনলৈ ঢাপলি মেলিছে ৰাজ্যৰ বহু অসমীয়া যুৱক-যুৱতী।

বিবাহিত পুৰুষ-মহিলা, ৪০ ঊৰ্ধ্বৰ ব্যক্তিও ঢাপলি মেলিছে বিদ্রোহী সংগঠনটোলৈ।

এটা জাতিৰ হেৰুওৱা স্বাধীনতা পুনৰুদ্ধাৰৰ একমাত্ৰ বিকল্প আলফা (স্বাধীন) বুলি বিবেচনা কৰি ইয়াৰ লক্ষ্য-উদ্দেশ্যৰ প্রতি আকৃষ্ট কেৱল নৱপ্ৰজন্মই হোৱা নাই। অসমৰ ভিন্ন প্ৰান্তৰ যুৱক-যুৱতী, বিবাহিত পুৰুষ-মহিলা, ৪০ ঊৰ্ধ্বৰ ব্যক্তিয়েও এতিয়া আলফা (স্বাধীন)লৈ ঢাপলি মেলিছে। – এই মন্তব্য আলফা (স্বাধীন)ৰ।

আলফা (স্বাধীন)ৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন কমল অসমে সোমবাৰে এক বিবৃতিত কয় যে, ইয়াৰ বাবে অসমৰ গৃহ বিভাগৰ লগতে অসম আৰক্ষী শংকিত হৈ ভিন্ন প্ৰান্তৰ নিৰীহ যুৱকক আলফা (স্বাধীন)ৰ যোগাযোগকাৰীৰ মিছা প্ৰলেপ সানি, ভুৱা এনকাউণ্টাৰ কৰি এই গতি ৰুদ্ধ কৰিব বিচাৰিছে। আৰক্ষীয়ে নিজৰ ব্যৰ্থতাৰ দায় সাৰিবলৈ পৰিকল্পিতভাৱে ৰচনা কৰা এনে কৌশলক মানসিক ৰোগী হিচাপে বিবেচনা কৰে বুলি উল্লেখ কৰে।

ইপিনে, আলফা (স্বাধীন)ত নতুন সদস্যভর্তি সম্পৰ্কত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয় যে, আলফা সংগঠন থকালৈকে, সংগ্রাম থকালৈকে নতুন সদস্যভর্তি হ’বই। আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱায়ো কৈছে তেওঁলোক আলোচনা প্ৰক্ৰিয়ালৈ আহিব বিচাৰে। অৱশ্যে সেইটো তেওঁলোকৰ কৌশলো হ’ব পাৰে, আমি জ্ঞাত নহয়।

লগতে তেওঁ কয় যে, আলফাৰে আলোচনা বিলম্ব হোৱাৰ বাবেও একাংশ যুৱক-যুৱতী আলফা (স্বাধীন)লৈ গুচি গৈছে।

সেইদৰে অর্থনৈতিক দুৰৱস্থা বিশেষকৈ গ্রামাঞ্চলৰ ৰাইজৰ জীৱনযাত্রা কঠিন হৈ পৰিছে। সংস্থাপনৰ পথ নেদেখি একাংশ যুৱক-যুৱতী বিপ্লৱৰ পথত গুচি গৈছে বুলিও তেওঁ মন্তব্য কৰে চেতিয়াই।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!