নিউজ ডেস্কঃ মূল্যবৃদ্ধিক লৈ সদনত আলোচনা বিচাৰি নিলম্বিত হোৱা বিৰোধী সাংসদৰ ৫০ ঘণ্টীয়া প্ৰতিবাদে কঁপাইছে সংসদ ভৱনৰ চৌহদ।
নিলম্বিত ৫ গৰকী সাংসদে বৃহস্পতিবাৰে নিশা সংসদ ভৱনৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ওচৰতে আঁঠুৱা তৰি মুকলি আকাশৰ তলতে পাৰ কৰে ৰাতিটো। প্ৰতিবাদকাৰী সাংসদসকলে মোডী-শ্বাহৰ বিৰুদ্ধে হিন্দী চিনেমাৰ গীতৰ সুৰত দিয়ে শ্ল’গান।

তৃণমূলৰ সাংসদ ডেৰেক অ’ব্ৰায়েনে নিশা ১ বজাত টুইটাৰত সাংসদ সকলৰ নিশাৰ প্ৰতিবাদৰ এখন ফটোও শ্বেয়াৰ কৰে। য’ত তেওঁ লিখিছে, “এয়া নিশা ১বজাৰ ছবি। অবিৰাম দিন-ৰাতি ৫০ ঘণ্টা ধৰ্ণা এতিয়াও চলি আছে। ১২ ঘণ্টা বাকী আছে।’’

ইফালে মূল্যবৃদ্ধি সন্দৰ্ভত আলোচনা বিচাৰি নিলম্বিত হোৱা ২৭ জন সাংসদৰ নিলম্বন বাতিল কৰিবলৈ আহ্বান জনায় তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে।
প্ৰতিবাদী সাংসদ সকলে প্ৰধানমন্ত্ৰী মোডীয়ে ২০১৪ চনত সংসদত উপস্থিত হোৱাৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ কথাও মনত পেলাই দিয়ে।
#Parliament 29 July 6 a.m.
— Derek O'Brien | ডেরেক ও'ব্রায়েন (@derekobrienmp) July 29, 2022
Pic taken at dharna site @ entrance
Non stop day-night 50 hr dharna still on. About 6 hours to go
Revoke suspension of 27 MPs suspended for seeking a discussion on #PriceRise
Opposition fighting to save sanctity of Parliament from dictators pic.twitter.com/EfBNKM4QjL
সংসদ ভৱনৰ বাহিৰত নিশাৰ প্ৰতিবাদত অংশ লয় আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিং, তৃণমূল কংগ্ৰেছৰ শান্তনু সেন, দোলা সেন, আবিৰ ৰঞ্জন বিশ্বাস, আৰু ডেৰেক অ’ব্ৰাইনৰ লগতে টিআৰএছৰ ৰবিচন্দ্ৰ বাদ্দিৰাজুৱে। ডিএমকে আৰু বাওঁপন্থী দলৰ একাংশ নেতাইও অংশ লয় এই প্ৰতিবাদী কাৰ্যসূচীত।

আনহাতে নিশা প্ৰতিবাদকাৰী সাংসদে মাছ আৰু তন্দুৰী চিকেন খোৱাক লৈ সৰৱ হৈ পৰিছে শাসকীয় বিজেপি। গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত আমিষ ভোজন কৰাক লৈ আপত্তি প্ৰদৰ্শন কৰে বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই।