fbpx
অসমীয়াৰাষ্ট্ৰীয়

সংসদত দাখিল মোডী ২.০ৰ অন্তিমখন বাজেট! কি কি আছে বাজেটত, জানক সৱিশেষ…

নিউজ ডেস্কঃ আজি সংসদত দাখিল কৰা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন সাধাৰণ বাজেট।

দিনৰ ১১ বজাত সংসদত বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ।

‘অমৃত কালৰ প্ৰথমখন সাধাৰণ বাজেট’ বুলি বাজেট ভাষণৰ আৰম্ভ বিত্তমন্ত্ৰী সীতাৰমণৰ।

এই বাজেটত অৰ্থনৈতিক সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে পিছপৰা মানুহক গুৰুত্ব দিয়া হৈছে বুলি দাবী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ।

নতুন বিত্তীয় বৰ্ষত বিত্তীয় বৃদ্ধি ৭ শতাংশ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে বিত্তমন্ত্ৰীয়ে।

আনহাতে কোভিড কালত কোনো লোকেই যাতে ভোকত মৰিবলগীয়া নহয়, তাৰ প্ৰতি মোডী চৰকাৰে গুৰুত্ব প্ৰদান কৰিছিল বুলিও দাবী সীতাৰমণৰ।

বাজেটত সাতটা ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে। যাক ‘সপ্তৰ্ষী’ বুলি নামকৰণৰ কৰে বিত্তমন্ত্ৰীয়ে। সেয়া হৈছে- সংহত উন্নয়ন, আন্তঃগাঁথনিত বিনিয়োগ, দেশৰ প্ৰতিভা বা দক্ষতাৰ বিকাশ, সেউজ কৰণ, যুৱ, বিত্ত বিভাগ আৰু লক্ষ্যপূৰণ।

বিত্তমন্ত্ৰীয়ে কয়, অহা বিত্তীয় বৰ্ষত জম্মু-কাশ্মীৰ, লাডাখ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক বিশেষ গুৰুত্ব দিয়া হ’ব।

বাজেটত কৃষি ষ্টাৰ্ট-আপৰ বাবে বিশেষ পুঁজি কেন্দ্ৰীয় চৰকাৰৰ। ৬২ হাজাৰ কোটি টকাৰ কৃষি ঋণ প্ৰদানৰ ঘোষণাৰ লগতে উদ্যান শস্যৰ বাবে আবণ্টন ২ হাজাৰ কোটিৰো অধিক টকা।

সমগ্ৰ দেশত স্থাপন কৰা হ’ব ১৫৭খন নতুন নাৰ্চিং কলেজ। ২০৪৭ চনৰ ভিতৰত দেশৰ পৰা চিকেল চেল এনিমিয়া দূৰ কৰাৰ লক্ষ্য। ইয়াৰ বাবে বিশেষ প্ৰকল্প প্ৰস্তুত কৰা বুলিও উল্লেখ বিত্তমন্ত্ৰীৰ।

ব্যক্তিগত খণ্ডৰ গৱেষকসকলে আইচিএমআৰত পৰীক্ষাগাৰ স্থাপন কৰিব পাৰিব। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত গৱেষণাৰ বাবে বিশেষ প্ৰকল্প।

শিশুৰ বাবে মুকলি হ’ব ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁৰাল।

ৰাজ্যসমূহক পঞ্চায়ত আৰু ৱাৰ্ড পৰ্যায়ত পুথিভঁৰাল মুকলি কৰিবলৈ উৎসাহিত কৰা হ’ব। যাতে ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁৰাল সকলো মানুহে ব্যৱহাৰ কৰিব পাৰে।

অনুসূচিত জাতিৰ উন্নয়নৰ বাবে ৩ বছৰত ১৫ হাজাৰ কোটি টকা আবণ্টন।

গৃহ নিৰ্মাণ আঁচনিৰ বাবে আবণ্টন ৭৯ হাজাৰ কোটিলৈ বৃদ্ধি। কেন্দ্ৰই ৰাজ্যসমূহক সুতমুক্ত ঋণৰ নীতি আৰু এবছৰ বৃদ্ধি।

অহা ৩ বছৰত কেৱল জনজাতীয় বিদ্যালয়ত নিযুক্তি প্ৰদান কৰা হ’ব ৩৮ হাজাৰ নতুন শিক্ষকক।

ৰেলৱেৰ বাবে ২ লাখ ৪০ হাজাৰ কোটি টকা আবণ্টন। এই আবণ্টন এতিয়ালৈকে সৰ্বাধিক।

৫০টা নতুন বিমানবন্দৰ আধুনিকীকৰণ কৰা হ’ব।

আন্তঃগাঁথনি খণ্ডলৈ আবণ্টন দিয়া হৈছে ১০ লাখ কোটি (জিডিপিৰ ৩.৩ শতাংশ) টকা।

নগৰ উন্নয়নৰ বাবে ১০ হাজাৰ কোটি টকাৰ পুঁজি। ই-কোৰ্টৰ বাবে আবণ্টন দিয়া হৈছে ৭ হাজাৰ কোটি টকা।

বেংকত বাৰে বাৰে কেৱাইচি বন্ধ কৰাৰ বিশেষ ব্যৱস্থা। সাধাৰণ পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰা হ’ব পেন কাৰ্ড। ডিজিটেল চৰকাৰী সকলো সংস্থাতে পেনৰ ব্যৱহাৰ বাধ্যতামূলক।

সেউজকৰণৰ ওপৰত গুৰুত্ব কেন্দ্ৰীয় চৰকাৰৰ বাজেটত।

শক্তি ৰূপান্তৰ খণ্ডৰ বাবে ৩৫ হাজাৰ কোটি টকা আবণ্টন।

২০৭০ চনৰ ভিতৰত কাৰ্বন নিৰ্গমন শূন্য হোৱাৰ লক্ষ্য।

সেউজ হাইড্ৰজেন অভিযানৰ ঘোষণা ১৯ হাজাৰ কোটিতকৈ অধিক আবণ্টন।

উপকূলীয় অঞ্চলত মেংগ্ৰোভ বনাঞ্চল বৃদ্ধিৰ বাবে ‘মিষ্টি’ প্ৰকল্পৰ ঘোষণা।

১০০ দিনৰ কামৰ জৰিয়তে বাগিছাৰ কাম কৰা হ’ব।

বিকল্প সাৰ ব্যৱহাৰক উৎসাহিত কৰাৰ বাবে ‘পি এম প্ৰণাম’ আঁচনি।

প্ৰদূষণৰ বাবে দায়ী গাড়ী আৰু এম্বুলেন্স সলনি কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা। কেন্দ্ৰই ৰাজ্যক এইক্ষেত্ৰত সহায় কৰিব।

যুৱ সমাজৰ দক্ষতা বিকাশৰ বাবে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা ৪.০ প্ৰৱৰ্তন। সমগ্ৰ দেশতে ৩০টা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ দক্ষতা বিকাশ কেন্দ্ৰ থাকিব। এই প্ৰশিক্ষণ আগন্তুক ৩ বছৰলৈ চলি থাকিব।

আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ আশ্বাস আৰু ৫০টা পৰ্যটন কেন্দ্ৰ।

প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিব ‘দেখ অপনা দেশ’ প্ৰকল্প। স্বাধীন দৰ্শন আঁচনিও মুকলি কৰা হ’ব। ধৰ্মীয় উৎসৱৰ কথা মনত ৰাখি পৰ্যটন প্ৰকল্প গঢ়ি তোলা হ’ব।

ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগৰ বাবে ২ লাখ কোটি টকাৰ ঋণ। ৭ হাজাৰ কোটি টকাৰ ঋণ নিশ্চয়তা আঁচনি। ক্ষুদ্ৰ উদ্যোগৰ সুতৰ হাৰ হ্ৰাস কৰাৰ বাবে বিশেষ পদক্ষেপ।

পৰিবহণ খণ্ডৰ বাবে ৭৫ হাজাৰ কোটি টকা আবণ্টন।

মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ পত্ৰ উন্মোচন। সৰ্বোচ্চ জমা ধন ২ লাখ। সঞ্চয়ৰ সুতৰ হাৰ ৭.৫ শতাংশ। জ্যেষ্ঠ নাগৰিক সঞ্চয়ত বিনিয়োগ ৩০ লাখলৈ বৃদ্ধি।

কৰ ৰেহাই। হ্ৰাস পাব বৈদ্যুতিক বাহনৰ দাম। হ্ৰাস পাব পাৰে বায়’গেছৰ মূল্য।

মোবাইলৰ পাৰ্টছ, টেলিভিছনৰ পাৰ্টছ, কেমেৰাৰ লেন্স, বেটাৰীৰ ওপৰত শুল্ক ৰেহাই।

দেশত নিৰ্মিত মোবাইলৰ মূল্য হ্ৰাস পাব। পাকঘৰৰ চিমনিৰ ওপৰত কৰ ৰেহাই। উদ্যোগত ব্যৱহৃত মদৰ ওপৰত কৰ ৰেহাই।

আয়কৰ ৰিটাৰ্ণ সহজ হ’ব। ১৬ দিনলৈ হ্ৰাস কৰা হৈছে।

সোণ, প্লেটিনাম, ৰূপৰ ওপৰত আমদানি শুল্ক বৃদ্ধি। কম্পাউণ্ড ৰবৰৰ ওপৰত আমদানি শুল্ক বৃদ্ধি। চিগাৰেটৰ ওপৰত কৰ বৃদ্ধি। যাৰ ফলত বৃদ্ধি পাব এইসমূহ বস্তুৰ দাম।

আয়কৰ ৰেহাই ৫ লাখৰ পৰা ৭ লাখলৈ বৃদ্ধি। আয়কৰৰ হাৰো সলনি।

Related Articles

Back to top button