সংবাদমেলতেই কৃষক নেতা ৰাকেশ টিকাইতৰ ওপৰত চিয়াহী নিক্ষেপ, চৰকাৰৰ বিৰুদ্ধে অভিযোগ…

সংবাদমেল চলি থাকোতেই কৃষক নেতা ৰাকেশ টিকাইতৰ ওপৰত চিয়াহী নিক্ষেপ।
সোমবাৰে বাংগালোৰৰ প্ৰেছ ক্লাবত দুৰ্বৃত্তই কৃষক নেতা ৰাকেশ টিকাইতলৈ ক’লা চিয়াহী নিক্ষেপ কৰে।
উত্তৰ প্ৰদেশৰ ভাৰতীয় কিষাণ ইউনিয়নৰ প্ৰাক্তন ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকাইতে এখন সংবাদমেল সম্বোধন কৰি আছিল। প্ৰায় ১২ জনীয়া এটা দুৰ্বৃত্তৰ দল প্ৰেছ ক্লাবত প্ৰবেশ কৰি টিকাইতৰ মুখলৈ চিয়াহী দলিয়াই।
This short video nails the lie that there was a clash between two farmers group in Bangalore.
— Yogendra Yadav (@_YogendraYadav) May 30, 2022
Clearly #rakeshtikait , Yudhvir Singh and @kkuruganti were addressing a press conference when this BJP stooge attacked them. https://t.co/xhEwHqoDsx
অভিযোগ অনুসৰি দুৰ্বৃত্তসকল এজন স্থানীয় কৃষক নেতা কোডিহাল্লি চন্দ্ৰশেখৰৰ সমৰ্থক আছিল। চন্দ্ৰশেখৰৰ বিৰুদ্ধে কথা কোৱাত টিকাইতৰ ওপৰত ক্ষুব্ধ হৈ পৰে সমৰ্থনকাৰী।
ইয়াৰ পূৰ্বে এটা আঞ্চলিক বাতৰি চেনেলে স্থানীয় কৃষক নেতা কোডিহাল্লি চন্দ্ৰশেখৰৰ উদ্ধৃতি দি কৈছিল, “আমি বাছ ধৰ্মঘট বন্ধ কৰিবলৈ টকা বিচাৰিছিলো।”
চন্দ্ৰশেখৰে টিকাইট আৰু আন বহুতো কেন্দ্ৰীয় কৃষক নেতাৰ নামো ব্যৱহাৰ কৰিছিল।
সংবাদমেলৰ সময়ত টিকাইটে কয়, “কোডিহাল্লি চন্দ্ৰশেখৰে আমাৰ নাম ব্যৱহাৰ কৰে আৰু তেওঁ এজন প্ৰৱঞ্চক।”
ink thrown at Rakesh Tikait pic.twitter.com/B7hEukCHX3
— Gurpreet Garry Walia (@_garrywalia) May 30, 2022
ইয়াৰ দ্বাৰা ক্ষুব্ধ হৈ চন্দ্ৰশেখৰৰ সমৰ্থকসকলে টিকাইতৰ ফালে চিয়াহী নিক্ষেপ কৰে।
এই ঘটনাৰ বাবে টিকাইতে বিজেপি চৰকাৰক দোষাৰোপ কৰে।
টিকাইটে কয়, ‘ইয়াত স্থানীয় আৰক্ষীয়ে কোনো নিৰাপত্তা প্ৰদান কৰা নাই। এইটো চৰকাৰৰ সৈতে মিত্ৰতা কৰি কৰা হৈছে।’