সংগ দোষত পৰি ময়ো ভুল কাম কৰিছিলোঃ কি প্ৰসংগত ক’লে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে

নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ দুকুৰিৰো অধিক বিসম্বাদী বিধায়কে গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত বাহৰ পাতি থকাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে।

অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল অসম উপস্থিত হোৱাৰ বিষয়ে একো নাজানে বুলি কৰা মন্তব্যক সমালোচনা কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে অসম চৰকাৰেই এগৰাকী অনা অসমীয়া উচ্চপদস্থ বিষয়াক দায়িত্ব দি তেওঁলোকক বাছেৰে হোটেললৈ অনাইছিল।

তাৰ পিছত এতিয়া বিজেপিয়ে উট চৰাইৰ দৰে বালিত মূৰতো গুজি দি আমি একো নাজানো বুলি ক’লেই নহ’ব বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে।

তেওঁ কয়, ‘মহাৰাষ্ট্ৰৰ ওচৰতে গুজৰাট, মধ্যপ্ৰদেশ আছে। তাতো বিজেপিৰ চৰকাৰ চলি আছে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবোৰ কথাবতৰাৰে ভাৰতত বিখ্যাত হ’ব বিচাৰিছে।’

photo1655894279
সংগ দোষত পৰি ময়ো ভুল কাম কৰিছিলোঃ কি প্ৰসংগত ক’লে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে 2

সংগ দোষত পৰি নিজেই আগতে ভুল কাম কৰা বুলি স্বীকাৰ কৰি ৰকিবুল হুছেইনে কয়, ‘… সেয়েহে আমাৰ অসমীয়া সংস্কৃতিত শিকায়- ভালৰ লগত থাকিবা, ভাল কথা শিকিবা… নহ’লে সংগদোষত পৰি বেয়া হ’ব।’

মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুলৈ আদৰি অনা, তেওঁলোকৰ আলপৈচান ধৰা কাৰ্য এসময়ত অসমৰ বাবে এটা ক’লা দাগ হিচাপে ৰৈ যাব বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে।