fbpx
অসম

সংগ্ৰামৰ নামত আলফাই বহু যুৱকক হত্যা কৰিলে, এইবোৰ সাহসী মানুহৰ কাম নহয়ঃ ডিজিপি

‘সংগ্ৰামৰ নামত আলফাই বহু যুৱকক হত্যা কৰিলে, এইবোৰ সাহসী মানুহৰ কাম নহয়।’

২ আলফা সদস্যক মৃত্যুৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া DGP ভাস্কৰজ্যোতি মহন্তৰ।

তেওঁ কয়- অসম আৰক্ষীয়ে বিভিন্ন অপাৰেচন কৰে। কিন্তু গুপ্তচৰ আলফা লৈ পঠিওৱা কথা আজিলৈ শুনিছে জানো?

‘তিনি দশক জোৰা আলফাৰ তথাকথিত সংগ্ৰামত আজিলৈ বহু যুৱকক হত্যা কৰিলে। এইবোৰ সাহসী মানুহৰ কাম নহয়।’

‘আলফাৰ এইটো আভ্যন্তৰীণ বিষয়,ইয়াত অসম আৰক্ষীৰ কোনো সম্পৰ্ক নাই।’

‘ল’ৰাবোৰ যে গৈছে তাত বা কিমানক মাৰিছে গোপনে কোনেও নাজানে।’

‘এতিয়া চৰকাৰ আৰু আলফা স্বাধীনৰ মাজত আলোচনাৰ এটা পৰিৱেশ সূচনা হোৱাৰ পাছত আৰক্ষীয়ে এনে মূৰ্খামি কিয় কৰিব?’

‘আমি কোনো গুপ্তচৰ পঠিয়াই এই আলোচনা বেয়া নকৰো।’

‘আলফাৰ আভ্যন্তৰীণ সমস্যাৰ গইনা লৈ হত্যা কৰাতো ঘৃণনীয় কাম।’

‘আলফাই হত্যা কৰা ১২০০ পৰিয়ালৰ ল’ৰা ছোৱালীক অসম আৰক্ষীয়ে শিক্ষাদান কৰি আছে।’

Related Articles

Leave a Reply

Back to top button