সংগীত নাটক অকাডেমী বঁটা প্ৰাপক লোকশিল্পী ক্ষীৰোদ খাখলাৰী আৰু নাই…

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক লোকশিল্পী ক্ষীৰোদ খাখলাৰীৰ দেহাৱসান।
বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে লোকশিল্পী গৰাকীয়ে।
যোৱা ১১ অক্টোবৰৰ বৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ক্ষীৰোদ খাখলাৰীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত আই চি ইউলৈ স্থানান্তৰিত কৰা হৈছিল।
ক্ষীৰোদ খাখলাৰীৰ বিয়োগত নিখিল বড়ো ছাত্ৰ সন্থাকে ধৰি গভীৰ শোক প্ৰকাশ কৰিছে বিভিন্ন দল, সংগঠনে।
Deeply pained to learn of the unfortunate demise of Sangeet Natak Akademi awardee Khirod Khaklary.
— Pramod Boro (@PramodBoroBTR) October 13, 2022
He was one of the most accomplished exponents of Bodo dance & music.
My heartfelt condolences to the bereaved family members.
Om Shanti! pic.twitter.com/ojKmsf5TDn
বি টি চিৰ মুৰব্বী প্ৰমোদ বড়োৱেও খাখলাৰীৰ বিয়োগত শোক প্ৰকাশ কৰিছে।
বড়ো নৃত্য আৰু সংগীতৰ সাধকগৰাকীৰ মৃত্যুত তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে প্ৰমোড বড়োৱে।