সংগীতানুষ্ঠানলৈ অহা-যোৱাত অসুবিধা নহ’বলৈ মাত্ৰ ৪ দিন পূৰ্বে এখন চাৰিচকীয়া বাহন কিনি দিছিল তেজস্বিতাক! স্বাস্থ্যমন্ত্ৰীৰ সন্মুখত কান্দি কান্দি ক’লে পিতৃয়ে…

নিউজ ডেস্কঃ তেজস্বিতা বৰুৱাৰ মৃত্যুৱে জোকাৰিছে সমগ্ৰ অসম। জোকাৰণি তুলিছে দিছপুৰতো।

১৪ বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যুৱে যেন উদঙাই দিছে চৰকাৰে উন্নয়নৰ ঢাক-ঢোল বজোৱাৰ সময়ত মাজুলীৰ স্বাস্থ্য খণ্ডৰ দুৰাৱস্থা।

বুধবাৰে সন্ধিয়া গড়মূৰৰ জিলা হাস্পতালত মাজুলীৰ প্ৰতিভাৱান শিশু শিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পিছতে স্বাস্থ্য বিভাগে তৎপৰতা দেখুৱাই বৃহস্পতিবাৰে নিলম্বন কৰে হাস্পতালখনৰ অধীক্ষকগৰাকীক।

309820963 520130906782265 1682092391636776217 n
সংগীতানুষ্ঠানলৈ অহা-যোৱাত অসুবিধা নহ’বলৈ মাত্ৰ ৪ দিন পূৰ্বে এখন চাৰিচকীয়া বাহন কিনি দিছিল তেজস্বিতাক! স্বাস্থ্যমন্ত্ৰীৰ সন্মুখত কান্দি কান্দি ক’লে পিতৃয়ে… 4

ইয়াৰ পিছত জিলা উপায়ুক্ত পুলক মহন্তই পিতৃ-মাতৃক সাক্ষাৎ কৰে।

তাৰ পিছতে তেজস্বিতাৰ মৃত্যুৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে মাজুলীত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

তেজস্বিতাৰ পিতৃ-মাতৃক তেওঁ সাক্ষাৎ কৰি তেওঁলোকৰ দুখৰ সমভাগী হয় মন্ত্ৰীগৰাকী।

image 45
সংগীতানুষ্ঠানলৈ অহা-যোৱাত অসুবিধা নহ’বলৈ মাত্ৰ ৪ দিন পূৰ্বে এখন চাৰিচকীয়া বাহন কিনি দিছিল তেজস্বিতাক! স্বাস্থ্যমন্ত্ৰীৰ সন্মুখত কান্দি কান্দি ক’লে পিতৃয়ে… 5

সেই সময়ত স্বাস্থ্য মন্ত্ৰীৰ সন্মুখত কন্যাক হেৰুওৱাৰ বেদনাত হিয়া ঢাকুৰি কান্দি উঠিল তেজস্বিতাৰ পিতৃ-মাতৃ।

উল্লেখ্য যে, তেজস্বিতাৰ সংগীতানুষ্ঠানলৈ অহা-যোৱাত অসুবিধা নহ’বলৈ মাত্ৰ ৪ দিন পূৰ্বে এখন চাৰিচকীয়া বাহন কিনি দিছিল পিতৃয়ে।

photo1665044534
সংগীতানুষ্ঠানলৈ অহা-যোৱাত অসুবিধা নহ’বলৈ মাত্ৰ ৪ দিন পূৰ্বে এখন চাৰিচকীয়া বাহন কিনি দিছিল তেজস্বিতাক! স্বাস্থ্যমন্ত্ৰীৰ সন্মুখত কান্দি কান্দি ক’লে পিতৃয়ে… 6

এপদ এপদকৈ সংগীতৰ সৈতে জড়িত প্ৰতিটো সামগ্ৰী গোটাইছিল তেজস্বিতাইও।

নিজৰ কণ্ঠৰে এদিন জগত জিনাৰ সপোন দেখা তেজস্বিতাৰ মৃত্যুৱে বুকুৰ ভিতৰৰ পৰা খুন্দি পেলাইছে পিতৃ-মাতৃ তথা আত্মীয়সকলক।

সেয়ে তেজস্বিতাৰ দৰে যাতে মাজুলীৰ আন কোনোৱে মৃত্যুক সাৱটি ল’বলগীয়া নহয়, তাৰ বাবে তেজস্বিতাৰ নামত মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে স্বাস্থ্যমন্ত্ৰীৰ সন্মুখতে কৰযোৰে আহ্বান জনালে পিতৃয়ে।

তদুপৰি সময়ে সময়ে হেলিকপ্টাৰত উঠি মাজুলী ভ্ৰমণ কৰা নেতা-মন্ত্ৰী-বিধায়কে চিন্তা কৰিবলৈ পাহৰি যোৱা মাজুলীৰ দলংখনো শীঘ্ৰে নিৰ্মাণ কৰিবলৈ আহ্বান জনায় পিতৃ-মাতৃয়ে।