fbpx
অসমীয়াৰাষ্ট্ৰীয়

সংকটত আদানী! এদিনতে প্ৰায় ৪৫ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিগৰাকী…

নিউজ ডেস্কঃ এদিনতে প্ৰায় ৪৫ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈ বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ সপ্তম স্থানলৈ অৱনমিত হ’ল দেশৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানী।

হিণ্ডেনবাৰ্গৰ গৱেষণা পত্ৰত প্ৰকাশ পোৱা মতে, গৌতম আদানীয়ে এদিনতে চাৰে পাঁচ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৪৫ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে।

প্ৰতিবেদনত দাবী কৰা অনুসৰি, আদানীৰ দ্বাৰা নিয়ন্ত্ৰিত শীৰ্ষ কোম্পানীসমূহৰ যথেষ্ট ঋণ আছে। ইয়াৰ প্ৰভাৱৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে।

অৱশ্যে আদানী গ্ৰুপে এই দাবী অস্বীকাৰ কৰে।

উল্লেখ্য যে, যোৱা কেইবছৰমানৰ পৰা আদানীৰ উত্থান দ্ৰুতগতিত হোৱা পৰিলক্ষিত হৈছে। তেওঁ আৰম্ভণিৰে পৰাই মুকেশ আম্বানীক প্ৰত্যাহ্বান জনাইছিল।

লাহে লাহে তেওঁক অতিক্ৰম কৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হয় গৌতম আদানী। বিশ্বৰ দ্বিতীয় আটাইতকৈ ধনাঢ্য ব্যক্তিৰ স্থানো তেওঁ কিছুদিনৰ বাবে দখল কৰিছিল।

২০২২ চনৰ আৰম্ভণিৰ পৰা আদানীৰ সম্পত্তিৰ পৰিমাণ ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। সেই বছৰৰ ফেব্ৰুৱাৰী মাহত তেওঁ মুকেশ আম্বানীক অতিক্ৰম কৰিছিল।

ফিচৰ এটা গোট ক্ৰেডিট চাইটছে পূৰ্বে দাবী কৰিছিল যে ব্যৱসায় বৃদ্ধিৰ বাবে অতিৰিক্ত উচ্চাকাংক্ষা ঋণৰ ওপৰত অত্যধিক নিৰ্ভৰশীল হৈ পৰিলে ঋণৰ ফান্দত পৰিব পাৰে।

ইয়াৰ ফলত আদানীৰ কোম্পানীসমূহৰ বাবে প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

অৱশ্যে আদানীয়ে এই আশংকাক উলাই কৰি আহিছে।

আদানী গ্ৰুপে জনোৱা মতে, ইমান চৰ্চিত ঋণৰ বোজা এতিয়া বহু পৰিমাণে হ্ৰাস পাইছে।

১৫ পৃষ্ঠাৰ এই প্ৰতিবেদনত সংস্থাটোৱে জনাইছে যে আদানী গ্ৰুপে ঋণৰ ডি-লিভাৰেজ অহৰহ কৰি আছে।

Related Articles

Back to top button