
নিউজ ডেস্কঃ ২০২২ চনৰ অন্ত পৰিবলৈ মাজত আৰু দুটা মাহ থকাৰ সময়তে পুনৰ তীব্ৰতৰ হৈ পৰিছে ১১১ বছৰ পূৰ্বে ভাৰতক লৈ কৰা বুলগেৰিয়াৰ নবী বাবা ভাংগাৰ ভৱিষ্যদ্বাণীৰ চৰ্চা।
বুলগেৰিয়াৰ এগৰাকী ৰহস্যবাদী আৰু বনৌষধিবিদ ভাংগেলিয়া পাণ্ডেভা গুষ্টেৰোভা ওৰফে বাবা ভাংগাৰ ভৱিষ্যদ্বাণীক লৈ ভাৰতত এতিয়া বৃদ্ধি পাইছে উদ্বেগ।
উল্লেখ্য যে, দাবী অনুসৰি, বাবা ভাংগাই কৰা ভৱিষ্যদ্বাণীৰ ৮৫ শতাংশই সময়ে সময়ে সঠিক বুলি প্ৰমাণিত হৈ আহিছে।
তেওঁ কৰা ভৱিষ্যদ্বাণী সমূহৰ অন্যতম আছিল চেৰ্নোবিল দুৰ্যোগ, ৰাজকুমাৰী ডায়েনাৰ মৃত্যু, ছোভিয়েট ইউনিয়নৰ বিলুপ্তি।
গোটেই জীৱনটোত এই অন্ধ ৰহস্যময়ী মহিলাগৰাকীয়ে কৰা ভৱিষ্যদ্বাণীৰ বহুতো এতিয়া বাস্তৱায়িত হৈছে।
প্ৰায় ১১১ বছৰ আগতে বাবা ভাংগাই ২০২২ বৰ্ষৰ বাবে ভাৰতৰ বিষয়ে এটা ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল, যিটো আগন্তুক ২ মাহৰ ভিতৰত ফলিওৱাৰ আশংকা কৰিছে অনেকে।
২০২২ চনৰ বাবে তেওঁ কৰা দুটা ভৱিষ্যদ্বাণী এতিয়ালৈকে বাস্তৱায়িত হৈছে।

ৰহস্যময়ী অন্ধ মহিলাগৰাকীয়ে ২০২২ চনক লৈ কৰা ভৱিষ্যদ্বাণী সঁচা হোৱাৰ প্ৰথমটো আছিল অষ্ট্ৰেলিয়াৰ কিছুমান অঞ্চলত উল্লেখযোগ্য বানপানীৰ পূৰ্বাভাস। দ্বিতীয়টো ভৱিষ্যদ্বাণী আছিল ব্যাপক খৰাং আৰু পানীৰ নাটনিৰ বিষয়ে।
খবৰ অনুসৰি অষ্ট্ৰেলিয়াৰ পূব উপকূলত চলিত বৰ্ষৰ আৰম্ভণিতে অত্যধিক বৰষুণৰ ফলত যথেষ্ট বানপানীৰ সৃষ্টি হৈছিল।
লগতে ডাঙৰ ডাঙৰ চহৰসমূহত খৰাং আৰু পানীৰ নাটনি হ’ব বুলিও তেওঁ ভৱিষ্যদ্বাণী কৰিছিল। যদিও সময় আৰু স্থান নিৰ্দিষ্ট কৰা হোৱা নাছিল, এই পূৰ্বাভাস বৰ্তমান সমগ্ৰ ইউৰোপতে বাস্তৱায়িত হোৱাৰ অনুমান কৰা হৈছে।
বাবা ভাংগাই ২০২২ চনত ভাৰতত ফৰিঙৰ আক্ৰমণ আৰু খাদ্যৰ নাটনিৰ ভৱিষ্যদ্বাণী কৰিছিল।
তেওঁৰ মতে ২০২২ চনত সমগ্ৰ বিশ্বৰ উষ্ণতা হ্ৰাস পোৱাৰ পিছত ফৰিঙৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভাৰতে মাৰাত্মক ফৰিঙৰ আক্ৰমণৰ সন্মুখীন হ’ব পাৰে যাৰ ফলত দেশজোৰা দুৰ্ভিক্ষৰ সৃষ্টি হ’ব পাৰে।
ভাৰতক লৈ কৰা তেওঁৰ এই ভৱিষ্যদ্বাণী বাস্তৱায়িত হ’বলৈ আৰু দুমাহ বাকী আছে।
ইফালে বাবা ভাংগাই জ্যোতিৰ্বিজ্ঞানৰ অন্যতম বৃহৎ পৰিঘটনা বুলি দাবী কৰিছিল। ২০২৩ চনত পৃথিৱীৰ কক্ষপথ কোনো ধৰণে স্থানান্তৰিত হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল যদিও কোনো নিৰ্দিষ্ট তথ্য প্ৰদান কৰা হোৱা নাছিল।
এই সংঘটনৰ ফলত পৃথিৱীত অসংখ্য পৰিৱৰ্তন হ’ব পাৰে, যাৰ ফলত বিপৰ্যয়জনক প্ৰভাৱ পৰিব পাৰে।
তদুপৰি বাবা ভাংগাই ভৱিষ্যদ্বাণী কৰিছিল যে ২০২৮ চনত এজন মহাকাশচাৰীয়ে শুক্ৰ গ্ৰহত ভৰি দিব।