ষট্ পূজাত অঘটন! কেবল দলং খহি অৰ্ধশতাধিক লােকৰ মৃত্যু, এতিয়াও বহু লােক সন্ধানহীন

নিউজ ডেস্ক। দেশজুৰি ষট্ পূজাৰ উখল-মাখল পৰিৱেশৰ মাজতে গুজৰাটত সংঘটিত হ’ল এক শােকাৱহ ঘটনা।

গুজৰাটৰ মৰবী জিলাত মচ্ছু নৈৰ ওপৰত থকা এখন কেবল দলং নৈত খহি পৰি অৰ্ধ শতাধিক লােকৰ মৃত্যু।

G1 12
ষট্ পূজাত অঘটন! কেবল দলং খহি অৰ্ধশতাধিক লােকৰ মৃত্যু, এতিয়াও বহু লােক সন্ধানহীন 3

জানিব পৰা মতে, মৰবী চহৰৰ মাজেৰে বৈ যােৱা মচ্ছু নৈৰ পাৰত ষট্ পূজাৰ ধৰ্মীয় অনুষ্ঠান চলি থকাৰ সময়তে দলংখনৰ ওপৰত পাঁচ শতাধিক লােক উঠিছিল।

তেনে সময়তে দেওবাৰে বিয়লি হঠাতে খহি পৰে দলংখন।

জানিব পৰা মতে, অতি পুৰণি এই কেবল দলংখন মেৰামতিৰ পিছত পুনৰ জনসাধাৰণৰ বাবে মুকলি কৰা হৈছিল।

FgVEqdjagAEVk6W
ষট্ পূজাত অঘটন! কেবল দলং খহি অৰ্ধশতাধিক লােকৰ মৃত্যু, এতিয়াও বহু লােক সন্ধানহীন 4

কিন্তু ইয়াৰ পিছতে এই ভয়ংকৰ অঘটন সংঘটিত হয়।

এই ঘটনাৰ পিছতে পাঁচ শতাধিক লােক নৈৰ পানীত পৰে যদিও শতাধিক লোক সন্ধানহীন হৈ পৰে।

এই পৰ্যন্ত ৬੦ জন লােকৰ মৃত্যু নিশ্চিত কৰিছে স্থানীয় প্ৰশাসনে।

এনডিআৰএফ-আৰক্ষীৰ বাহিনীৰ উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ বিহিত ব্যৱস্থা হাতত লৈছে।