শৰাইঘাট দলঙৰ পৰা মৰণজাঁপ যুৱকৰ, ৬ কিলােমিটাৰ দূৰত জীৱন্তে উদ্ধাৰ মাছমৰীয়াৰ

নিউজ ডেস্ক। ৰাখে হৰি মাৰে কোনে?

এই আপ্তবাক্য শাৰীয়ে যেন পুনৰ প্ৰতীয়মান হ’ল এজন যুৱকৰ ক্ষেত্ৰত।

শৰাইঘাট দলঙৰ পৰা মৰণজাঁপ দিয়া এজন চৰম হতাশাগ্ৰস্ত যুৱকক ৬ কিলােমিটাৰ দূৰত জীৱন্তে উদ্ধাৰ কৰে মাছমৰীয়াই।

image
শৰাইঘাট দলঙৰ পৰা মৰণজাঁপ যুৱকৰ, ৬ কিলােমিটাৰ দূৰত জীৱন্তে উদ্ধাৰ মাছমৰীয়াৰ 2

জানিব পৰা মতে, দৰিদ্ৰতাৰ বাবে চৰম হতাশাত ভুগি শৰাইঘাট দলঙৰ পৰা মৰণজাঁপ দিয়ে বাগ্সা জিলাৰ পূৱ খাগ্ৰাবাৰী নাথচুবাৰ জনৈক ঠাকুৰীয়া উপাধিৰ এজন যুৱকে।

কিন্তু শৰাইঘাট দলঙৰ পৰা প্ৰায় ৬ কিলােমিটাৰ দূৰত শুৱালকুছি নদী আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ কেন্দুগুড়ি চৰি মাছমৰীয়াই যুৱকজনক জীৱন্তে উদ্ধাৰ কৰে।

ইয়াৰ পিছতে যুৱকজনক উদ্ধাৰ কৰা শুৱালকুছি নদী আৰক্ষীক চমজাই দিয়ে।

শুৱালকুছি নদী আৰক্ষীয়ে উপস্থিত হৈ মাছমৰীয়াৰ পৰা যুৱকজনক চমজি লৈ শুৱালকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভর্তি কৰে।

সম্প্ৰতি যুৱক জনক সুস্থ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

যুৱকজনে প্ৰকাশ কৰা অনুসৰি, বিগত এবছৰ ধৰি যকৃতৰ ৰোগত ভুগি থকা অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে চৰম হতাশাত ভুগিয়েই চৰম পথ বাছি লয়।

2 thoughts on “শৰাইঘাট দলঙৰ পৰা মৰণজাঁপ যুৱকৰ, ৬ কিলােমিটাৰ দূৰত জীৱন্তে উদ্ধাৰ মাছমৰীয়াৰ”

Comments are closed.