শ্ৰেণীকোঠাৰ ভিতৰত ৰিলছ বনাই বিদ্যালয়ৰ পৰা বহিষ্কৃত হ’ল ৮ গৰাকী ছাত্ৰ-ছাত্ৰী…

শ্ৰেণীকোঠাৰ ভিতৰত ৰিলছ বনাই বিদ্যালয়ৰ পৰা বহিষ্কৃত হ’ল ৮ গৰাকী ছাত্ৰ-ছাত্ৰী।

কৰিমগঞ্জৰ বাৰৈগ্ৰামৰ জফৰগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

শ্ৰেণীকোঠাৰ ভিতৰত ভিডিঅ’ বনোৱাৰ অপৰাধত পাঁচগৰাকী ছাত্ৰী আৰু তিনিজন ছাত্ৰক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।

বহিষ্কৃত ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী আৰু সাত গৰাকী দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী।

বহিষ্কৃত শিক্ষাৰ্থীসকলৰ কোনোৱে স্কুলত উপস্থিত থাকিব নোৱাৰিব।

অৱশ্যে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব বহিষ্কৃত শিক্ষাৰ্থী কেইগৰাকীয়ে।

এই ঘটনাই কৰিমগঞ্জত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।