শ্ৰেণীকোঠাত বাধ্যতামূলকভাৱে আঁৰিব লাগিব সকলো শিক্ষকৰ ফটো, শিক্ষা বিভাগৰ নিৰ্দেশনা…

সকলো স্কুল পৰিদর্শকলৈ মাধ্যমিক শিক্ষা সঞ্চালকৰ কঠোৰ নিৰ্দেশ
শ্ৰেণীকোঠাত বাধ্যতামূলকভাৱে আঁৰিব লাগিব সকলো শিক্ষকৰ ফটো
চৰকাৰী তথা প্ৰাদেশীক সকলো বিদ্যালয়ৰে প্ৰতিটো শ্ৰেণীকোঠাত আঁৰিব লাগিব সংশ্লিষ্ট বিদ্যালয়খনত শিক্ষাদান কৰি থকা প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ ফটো।
মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে ষষ্ঠ অনুসূচী আৰু বি টি এ ডিৰ অধীনস্থ চৰকাৰী প্ৰাদেশীকৃত বিদ্যালয়কে ধৰি আন সকলো জিলাৰ বিদ্যালয় পৰিদৰ্শকসকললৈ প্ৰেৰণ কৰা পত্ৰত এই নিৰ্দেশনা জাৰি কৰিছে।
পত্ৰখনত প্ৰকাশ কৰা অনুসৰি ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰতিটো শ্ৰেণীকোঠাত সংশ্লিষ্ট বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ ফটো ছাত্ৰ-ছাত্ৰীৰ চকুত পৰাকৈ আঁৰি দিব লাগিব।
এই নিৰ্দেশনাৰ আঁৰৰ উদ্দেশ্য কি সেয়া জনা নাযায় যদিও বিদ্যালয় পৰিদৰ্শকসকলক ৰাজ্য চৰকাৰৰ নিৰ্দেশ পালন কৰাটো বাধ্যতামূলক কৰা হৈছে।
শিক্ষার্থীসকলক শিক্ষাগুৰুৰ সৈতে চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেই এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুই সদৰি কৰিছে।
সম্প্ৰতি শিক্ষা বিভাগৰ এই নতুন নির্দেশনাই বিশেষ চৰ্চা লাভ কৰিছে।