অসম

শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন পাঠ্যক্ৰমৰ পৰীক্ষাৰ দিন সলনি

সলনি হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন পাঠ্যক্ৰমৰ পৰীক্ষাৰ দিন।

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে অহা ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ দিন সলনি কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে।

শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে চৰকাৰী নিৰ্দেশ অনুসৰি দিয়া বন্ধৰ বাবে এই সিন্ধান্ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ।

উল্লেখ্য যে, শেহতীয়াকৈ অসম চৰকাৰে শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে ১৪ ছেপ্টেম্বৰৰ পৰিবৰ্তে ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা কৰিছে।

পূৰ্বৰ অধিসূচনাত এই বন্ধটি ১৪ ছেপ্টেম্বৰত দিয়া হৈছিল। সেয়েহে চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ে লোৱা সিদ্ধান্ত এক জাননীৰ কৰ্তৃপক্ষই সকলোকে অৱগত কৰিছে।

উক্ত দিনাৰ সলনি পৰৱৰ্তী সময়ত অনুষ্ঠিত হ’ব লগীয়া পৰীক্ষাৰ দিনাংক অতি সোনকালেই ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

জাননীখনত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ পুনৰ্মূল্যায়িত উত্তৰ বহী চোৱাৰ দিনৰো সাল-সলনি কৰাৰ কথা উল্লেখ কৰিছে।

উত্তৰ বহী চোৱাৰ দিন অহা ১৫ ছেপ্তেম্বৰৰ পৰিৱৰ্তে ২৬ ছেপ্তেম্বৰত ধাৰ্য কৰা হৈছে। উক্ত দিনা নিৰীক্ষণ বাবে আবেদন জনোৱা শিক্ষাৰ্থীয়ে তেওঁলোকৰ উত্তৰ বহীসমূহ চাব পাৰিব।

Related Articles

Back to top button