শ্ৰীলংকাৰ কলম্বোস্থিত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত সঞ্চালক হিচাপে অধ্যাপক অংকুৰণ দত্তৰ।
শ্ৰীলংকাত ভাৰতীয় সংস্কৃতিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব গুৱাহাটী বিশ্ববিদ্যালয় যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই।
প্ৰখ্যাত লেখক অৰূপ কুমাৰ দত্তৰ পাছত বিদেশৰ যিকোনো ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ মুৰব্বী হোৱা অধ্যাপক দত্ত হৈছে অসমৰ দ্বিতীয় ব্যক্তি।
ভাৰতৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ শ্রীলংকাত ভাৰতৰ সাংস্কৃতিক কূটনীতিৰ প্ৰচাৰ কৰি অধ্যাপক দত্তই দেশৰ বাবে সেৱা আগবঢ়াব। ২০০৪ চনৰ পৰা ২০০৮ চনলৈ ইণ্ডোনেছিয়াৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰখ্যাত লেখক অৰূপ কুমাৰ দত্তৰ পিছত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ অধীনত বিদেশৰ যিকোনো ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ মুৰব্বী হোৱা অধ্যাপক দত্ত হৈছে অসমৰ দ্বিতীয় ব্যক্তি।
প্রখ্যাত মিডিয়া শিক্ষাবিদ আৰু স্বাস্থ্য অধিকাৰ কৰ্মী অধ্যাপক দত্তই শ্ৰীলংকাৰ বিভিন্ন স্থানত পৰৱৰ্তী তিনি বছৰৰ বাবে কূটনীতিবিদ হিচাপে সেৱা আগবঢ়াব।
তেওঁক মঙলবাৰে বান্দাৰানাইক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কলম্বোত আদৰণি জনোৱা হয়।
উল্লেখ্য যে অধ্যাপক দত্তই যোৱা সাত বছৰ ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি সাংবাদিকতা বিভাগটোক বিভাগীয় মুৰব্বী হিচাপে সেৱা আগবঢ়াইছিল আৰু ইয়াৰ গৌৰৱ ঘূৰাই আনিবলৈ যথেষ্ট অৰিহণা যোগাইছিল।
ইয়াৰ পূৰ্বে তেওঁ নতুন দিল্লীত দুবছৰৰ বাবে আঠখন কমনৱেলথ এছিয়াৰ দেশত দক্ষতা আৰু জীৱিকাৰ বাবে ইয়াৰ বিষয়া হিচাপে কমনৱেলথ অফ লার্নিঙক সেৱা আগবঢ়াইছিল।
তেওঁ প্রায় ৩০খন কিতাপ ৰচনা, সম্পাদন, অনুবাদ কৰাৰ লগতে প্রায় ৭০খন গৱেষণা-পত্ৰও প্ৰকাশ কৰিছে। তেওঁ ভাৰত আৰু বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বাবে প্ৰায় ৬০খন স্ব-শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰিছে।
ইউনিচেফ, ইউচিএলএ, এচেক্স বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক বিভাগকে ধৰি আন্তৰ্জাতিক সংস্থা আৰু বিশ্ববিদ্যালয়সমূহৰ সৈতে ১০টাতকৈও অধিক মুখ্য প্রকল্প সম্পূর্ণ কৰিছে।
এজন মিডিয়া নির্মাতা হোৱাৰ বাবে তেওঁ হাজাৰৰো অধিক ৰেডিঅ’ আৰু তিনিশ ভিডিঅ’ অনুষ্ঠান প্রযোজনা কৰিছে, দহখন তথ্যচিত্র পৰিচালনা কৰিছে আৰু বাতৰিকাকত আৰু সাময়িকীত চাৰিশৰো অধিক প্ৰবন্ধ লিখিছে।
দিল্লীত চিকিৎসাৰ অৱহেলাৰ বাবে তেওঁৰ পত্নী ডাঃ অনামিকা ৰায়ৰ অকাল মৃত্যুৰ পিছত অধ্যাপক দত্তই ২০১৫ চনত চিকিৎসা সন্ত্রাসবাদ আৰু স্বাস্থ্যৰ অধিকাৰৰ ওপৰত সমগ্ৰ ভাৰতত আন্দোলন আৰম্ভ কৰিছিল।
ড° অনামিকা ৰায় মেম’ৰিয়েল ট্ৰাষ্টে (এআৰএমটি) আৰম্ভণিৰ পৰাই সংবাদ মাধ্যম আৰু গৱেষণা আধাৰিত কাৰ্যকলাপৰ সৈতে স্বাস্থ্যৰ অধিকাৰৰ ক্ষেত্ৰসমূহত সক্রিয়ভাৱে কাম কৰি আহিছে।
প্ৰায় দুটা দশক ধৰি বিজ্ঞান সংযোগৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে তেওঁক ২০১৯ চনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে সন্মানীয় ৰাষ্ট্ৰীয় বঁটা আৰু ২০১৮ চনত নতুন দিল্লীত মিডিয়া শিক্ষা সন্মিলনত শ্রেষ্ঠ মিডিয়া শিক্ষাবিদ বঁটাৰে সন্মানিত কৰিছিল।